NORTHEAST NOW (Assamese)
Popular Stories

মৰিগাঁৱত জঘন্য ঘটনা! ন্যায় বিচাৰি যোৱা ধৰ্ষিতাক পুনৰ বলাৎকাৰ গাঁও প্ৰধানৰ স্বামীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 8, 2024 3:02 pm

মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী ধৰ্ষিতা মহিলাক আশ্ৰয় দিয়াৰ আচিলা লৈ এজন ব্যক্তিয়ে পুনৰ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী থানাত ন্যায় বিচাৰি দুই ধৰ্ষণকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। ইপিনে এই ঘটনাক লৈ সৰব হৈ পৰিছে স্থানীয় ৰাইজ।

মানৱ সমাজক লজ্জানত কৰা এই আচৰিত ঘটনাই পুনৰ জোকাৰণিৰ সৃষ্টি কৰিছে মৈৰাবাৰীত। ঘটনা অনুসৰি, যোৱা ১ নবেম্বৰ তাৰিখে ধৰ্ষিতা দম্পতীৰ মাজত হৈছিল কাজিয়া। কাজিয়া হোৱাৰ পাছতে নিশাই ঘৰৰ পৰা স্বামীয়ে উলিয়াই দিছিল পত্নীক। নিশা আইজুল নামৰ এজন লোকক লগ পাই ভুক্তভোগী মহিলাগৰাকীয়ে। অকলশৰীয়া মহিলাগৰাকীক আইজুলে লগ পাই প্ৰথমে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তাৰ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি যায় ভেলৌগুৰী গাঁৱৰ গাঁওবুঢ়াৰ ওচৰত। গাঁওবুঢ়াৰ স্বামী গুলজাৰ হুছেইনে ধৰ্ষিতা মহিলাগৰাকীক ন্যায় প্ৰদান কৰাৰ আশ্বাস দিয়াৰ লগতে নিশা থাকিবলৈ আশ্ৰয় দি গুলজাৰ হুছেইনে মহিলাগৰাকীক নিশা দ্বিতীয়বাৰৰ বাবে ধৰ্ষণ কৰে।

জানিব পৰা মতে, ধৰ্ষণ কাণ্ড সংঘটিত কৰি মহিলাগৰাকীক ভাবুকি প্ৰদান কৰি চাৰি দিনে আবদ্ধ কৰি ৰাখিছিল গুলজাৰে। পাছত মহিলাগৰাকীক ঘৰলৈ খেদি পঠিয়াই দিয়ে গুলজাৰ হুছেইনে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী। ভেলৌগুৰী থানাত ধৰ্ষিতা মহিলাগৰাকীয়ে দুই অভিযুক্ত আইজুল হক আৰু গুলজাৰ হুছেইনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে, গুলজাৰ হুছেইনে ইতিপূৰ্বেও এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত জে’ল-হাজোতলৈ গৈছিল। গুলজাৰ হুছেইন মৈৰাবাৰী উন্নয়ন খণ্ডৰ মৈৰাধ্বজ গাওঁ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক আৰু আইজুল হক এজন মাতব্বৰ। দুয়োজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে আৰু আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান চলাই আছে।