NORTHEAST NOW (Assamese)
Popular Stories

মাৰ্চৰ পৰা সকলো যাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব চীট বেল্ট পৰিধান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2020 4:22 pm
Lockdown: Validity of documents related to Motor Vehicles Act to be valid till June 30

মাৰ্চৰ পৰা একমাত্ৰ চালকেই নহয় সকলোধৰণৰ যান-বাহনৰ যাত্ৰীয়ে চীট বেল্ট পৰিধান কৰিব লাগিব।

সংশোধিত যান-বাহন আইন অনুসৰি যান-বাহনত যাত্ৰীসকলৰ বাবে চীট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছিল যদিও ৰাজ্যসমূহত ইয়াৰ কাৰ্য্যকৰীকৰণত পলম হৈছে।

নতুন আইন অনুসৰি যদিহে যাত্ৰীসকলে চীট বেল্ট পৰিধান নকৰে তেনেহ’লে বাহনখনৰ গৰাকীয়ে ১০০০ টকা জৰিমনা ভৰিব লাগিব।

ইয়াৰ পূৰ্বে কেবল মাত্ৰ চালক আৰু আগৰ চীটত বহা যাত্ৰীৰ বাবেহে চীট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক আছিল।

‘দুচকীয়া বাহনত যাত্ৰীসকলে হেলমেট পৰিধান কৰাৰ নিচিনাকৈ চাৰিচকীয়া আৰু সকলো বাহনত যাত্ৰীসকলে চীট বেল্ট পৰিধান কৰা উচিত আৰু ইয়াৰ প্ৰতি সচেতনতা সৃষ্টিৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। আমাৰ বিষয়া সকলে ইতিমধ্যে এই সম্পৰ্কত কাম আৰম্ভ কৰিছে,’’ যান-বাহন বিভাগৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়াই এনেদৰে কয়।

চীট বেল্ট পৰিধান কৰিলে দুৰ্ঘটনাৰ সময়ত পোৱা আঘাতৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষণাই চীট বেল্ট পৰিধান কৰিলে দুৰ্ঘটনাত মৃত্যুৰ সম্ভাৱনাও ২৫ শতাংশলৈ হ্ৰাস পাই বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।