NORTHEAST NOW (Assamese)
অসম

চামগুৰিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক

Posted by: বিদ্যুত জ্যোতি বৰা, চামগুৰি Updated by: বিদ্যুত জ্যোতি বৰা, চামগুৰি June 3, 2022 3:45 pm
anti-drug operation

নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবন কলিতাৰ নেতৃত্বত এটি আৰক্ষী দলে এই অভিযান চলায়।

অভিযানকাৰী দলটোৱে বাজিয়াগাৱঁৰ ভগামুৰ অঞ্চলত নৰুল হুছেইন(২৬) নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰাৰ লগতে ৩০ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ আৰু ৬০ টা খালী কন্টেইনাৰ জব্দ কৰে।

দীৰ্ঘদিন ধৰি ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনে বাজিয়াগাৱঁৰ ভগামুৰকে‌ ধৰি চামগুৰিৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা অভিযোগ উত্থাপিত হৈ আছিল।

বৰ্তমান ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক চামগুৰি থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।