NORTHEAST NOW (Assamese)
Popular Stories

বিৰাটনামা! এদিনীয়া বিশ্বকাপত কোহলিৰ প্ৰথমটো উইকেট; গেলেৰীত উদযাপন পত্নী অনুষ্কাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 13, 2023 9:09 am

চলিত বিশ্বকাপত তেওঁ ৪৯ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে। এইবাৰ বিৰাট কোহলীয়ে এদিনীয়া বিশ্বকাপৰ প্ৰথমটো উইকেটো দখল কৰিলে। তাকো বিপক্ষৰ অধিনায়কৰ উইকেট! গেলেৰীত বহি থকা কোহলীৰ পত্নী অনুষ্কা শৰ্মাই সেই দৃশ্য দেখি হাঁহিত ফাটি পৰে।

উল্লেখ্য যে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকীয়ে টী-২০ বিশ্বকাপতো উইকেট দখল কৰিছে। অৱশ্যে এদিনীয়া কেৰিয়াৰৰ প্ৰায় দহ বছৰৰ পাছত পুনৰ  উইকেট দখল কৰিলে বিৰাটে।

বিশ্বকাপৰ মাজতে ভাৰতৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কৈছিল যে প্ৰয়োজন হ’লে কোহলিক বল দিব পাৰি। বাংলাদেশৰ খেলখনত হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে বিৰাটে তিনিটা ডেলিভাৰী কৰে।

সেই প্ৰসংগত দ্ৰাবিড়ে কৈছিল, ‘হয়, এইটো সঁচা যে আমাৰ হাতত ষষ্ঠ বলাৰ নাই। কিন্তু আমাৰ হাতত আছে ‘ৰং ফুটেড ইনছুইংগাৰ’ বলাৰ। যিয়ে কেইবাটাও অভাৰ বলিং কৰিব পাৰে। তেওঁক বল কৰা চাবলৈ অনুৰাগীসকল অধীৰ হৈ উঠিছিল।’

নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমটো পাৱাৰ প্লে’ শেষ হোৱাৰ পাছত অধিনায়ক ৰোহিত শৰ্মাই বলাৰ বিৰাটক আক্ৰমণৰ বাবে মাতি আনে। ২৫ নং অভাৰতে আহিল সাফল্য। বিৰাটৰ ডেলিভাৰীয়ে নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছৰ বেটৰ কোণত স্পৰ্শ কৰে। ততাতৈয়াকৈ বলটো কৰায়ত্ত কৰে উইকেটকীপাৰ কে এল ৰাহুলে।

বিৰাটৰ আই পি এলৰ ‘হোম গ্ৰাউণ্ড’ চিন্নাস্বামীত দৰ্শক উত্তেজনাত ফাটি পৰে। খেলখন চাবলৈ তাত উপস্থিত আছিল অনুষ্কা শৰ্মা। স্বামীয়ে উইকেট লোৱা দেখি তেওঁ দুহাত তুলি উদযাপন কৰিলে। বলীউড অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’টো নিমিষতে ভাইৰেল হৈ পৰে।

প্ৰশিক্ষকৰ কথাৰ প্ৰতিফলন নেদাৰলেণ্ডৰ খেলখনত দেখা গ’ল। আৰম্ভণিৰে পৰা ভাৰতীয় দলটোৰ তৰফৰ পৰা কোৱা হৈছিল যে ডাচ দলৰ বিৰুদ্ধে খেলখন আচলতে ছেমি ফাইনেলৰ বাবে প্ৰস্তুতিহে। সেই প্ৰস্তুতিৰ অংশ হিচাপে দেওবাৰে বিৰাট-ৰোহিতৰ উপৰিও শুভমন গীল, সূৰ্য্যকুমাৰ যাদৱেও বলিং কৰে। ভাৰতৰ মূল বলাৰসকলেও তেওঁলোকৰ সৈতে বল কৰিছিল।