NORTHEAST NOW (Assamese)
অসম

কিংবদন্তি সাৰেংগী বাদক পণ্ডিত ৰাম নাৰায়ণৰ ৯৬ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2024 10:29 am

কিংবদন্তি সাৰেংগী খেলুৱৈ পণ্ডিত ৰাম নাৰায়ণৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৯৬ বছৰ। ৯ নৱেম্বৰ শনিবাৰে তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে সংগীত জগতত শোকৰ ছাঁ পৰিছে। হিন্দুস্তানী ধাৰাৰ জনপ্ৰিয় শিল্পীগৰাকীৰ জন্ম হৈছিল ১৯২৭ চনত। তেওঁক পদ্ম বিভূষণ আৰু সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল, চি পি ৰাধাকৃষ্ণনে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ লিখিছে, ‘আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত সাৰেংগী ওস্তাদ পণ্ডিত ৰাম নাৰায়ণ-জীৰ মৃত্যুৰ খবৰ পাই গভীৰভাৱে দুখিত। পণ্ডিত ৰাম নাৰায়নে নিজৰ উজ্জ্বল প্ৰদৰ্শনেৰে সাৰেংগীক বিশ্বব্যাপি উচ্চতালৈ লৈ যায়। তেওঁৰ সাৰেংগীৰ সুৰে মানুহৰ হৃদয় আৰু স্বৰ্গ স্পৰ্শ কৰিছিল।’

তেওঁ লগতে লিখিছে, ‘প্ৰকৃত ভাৰতীয় পৰম্পৰাত পণ্ডিত নাৰায়ণে ভাৰত আৰু বিদেশৰ অগণন শিষ্যক তেওঁৰ সাৰেংগীৰ শৈলী আগবঢ়াইছিল। তেওঁৰ ঐশ্বৰিক সুৰ যুগ যুগ ধৰি জীয়াই থাকিব। তেওঁৰ মৃত্যুৰ লগে লগে সাৰেংগীত এটা যুগৰ অৱসান ঘটিল।’

সংগীত নাটক একাডেমীৰ এক্স হেণ্ডেলতো সংগীত সাধকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰা হৈছে। পোষ্টটোত পণ্ডিত ৰাম নাৰায়ণৰ মৃত্যু ‘অপুৰণীয় ক্ষতি’ বুলি উল্লেখ কৰা হৈছে।

একক সংগীত অনুষ্ঠানত সাৰেংগীক সুকীয়া স্থান দিয়াৰ বাবে পণ্ডিত ৰাম নাৰায়ণে বিশেষ খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। তেওঁৰ এই শিল্পই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংগীতপ্ৰেমীক অনুপ্ৰাণিত কৰিছে। তেওঁ নিজৰ সৃষ্টিৰ যোগেদি অমৰ হৈ থাকিব।