NORTHEAST NOW (Assamese)
অসম

কোভিড-১৯ ভাৰতৰ পৰা সংক্ৰমিত হৈছিল; চীনা বিজ্ঞানীৰ গৱেষণাক ভুল আখ্যা চি এছ আই আৰৰ সঞ্চালক প্ৰধানৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 4:35 pm

চীনৰ বিজ্ঞানীৰ এটা দলে কোভিড-১৯ প্ৰথমে ভাৰতত আৰম্ভ হোৱা বুলি দাবী কৰাৰ পাছত ইয়াৰ প্ৰত্যুত্তৰ দিছে চি এছ আই আৰৰ সঞ্চালক প্ৰধান ড০ শেখৰ মাণ্ডে।

‘‘লানচেটত প্ৰকাশ কৰাৰ বাবে এখন চীনা গৱেষণা পত্ৰ প্ৰেৰণ কৰা হৈছে……এতিয়াও ইয়াৰ পৰ্যালোচনা কৰা হোৱা নায়,’’ ড০ মাণ্ডে কয়।

আনহাতে, চি এছ আই আৰৰ সঞ্চালক প্ৰধান গৰাকীয়ে চীনা বিজ্ঞানী সকলে অতি বেয়া গৱেষণা কৰিছে বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ গৱেষণাৰ প্ৰণালী সম্পুৰ্ণ ভুল বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে, চীনৰ বিজ্ঞানীৰ দল এটাই কোভিড-১৯ ভাইৰাছ ভাৰতৰ পৰা সমগ্ৰ বিশ্বত বিয়পি পৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

চীনৰ বিজ্ঞানীৰ দলটোৰ উক্ত অভিযোগৰ কোনোধৰণৰ প্ৰত্যুত্তৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা দিয়া হোৱা নাছিল।

সমগ্ৰ বিশ্বতে কোভিড-১৯ চীনৰ য়ুহান প্ৰদেশৰ পৰা সংক্ৰমিত হোৱা বুলি প্ৰচাৰিত হৈ আহিছে।

আমেৰিকা, জাপানৰ লগতে বহু কেইখন ৰাষ্ট্ৰই কোভিড-১৯ক কোভিড বুলি কোৱাৰ পৰিৱৰ্তে চীনা ভাইৰাছ বুলিও মন্তব্য কৰিছিল।

বিশ্বত চীনৰ ভাবমুৰ্তি বিনষ্ট হোৱাৰ পাছত বৰ্তমান চীনে উক্ত ভাবমুক্তি ঘুৰাই অনাৰ বাবে অন্য দেশক ইয়াৰ বাবে জগৰীয়া কৰাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।