NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত পাকিস্তানী সেনাৰ গুলিচালনাত শ্বহীদ বি এছ এফৰ মণিপুৰৰ বীৰ জোৱান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 4:06 pm

ভাৰত-পাকিস্তান সীমান্তত মঙলবাৰে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰি কৰা গুলিচালনাত সীমান্ত সুৰক্ষা বাহিনী(বি এছ এফ)ৰ এগৰাকী উপ-পৰিদৰ্শক শ্বহীদ হয়।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত শ্বহীদ হোৱা বি এছ এফৰ উপ-পৰিদৰ্শ গৰাকী হৈছে মণিপুৰৰ সেনাপতি জিলাৰ বাসিন্দা পাওতিনচাট গাইট।

বীৰ জোৱান গৰাকী পুঞ্চ জিলাৰ ৰাজৌৰী খণ্ডত কৰ্তব্যত নিয়োজিত হৈ আছিল।

বি এছ এফৰ তৰফৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত ৰাজৌৰী খণ্ডৰ এল অ’ চিত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘন কৰি কৰা গুলিচালনাত বি এছ এফৰ উপ-পৰিদৰ্শক গৰাকী শ্বহীদ হ’বলগীয়া হয় বুলি উল্লেখ কৰে।

গাইটে পাকিস্তানী সেনাৰ গুলিচালনাৰ প্ৰত্যুত্তৰ দিয়াৰ লগতে বহুকেইগৰাকী সতীৰ্থৰ প্ৰাণ ৰক্ষা কৰি নিজে শ্বহীদ হয়।

শ্বহীদ গাইটক সৰ্বোচ্ছ সামৰিক সন্মানেৰে নিজ গৃহ জিলাত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব বুলিও বি এছ এফৰ প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে।

আনহাতে, বি এছ এফে সকলো সময়তে দেশ ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ পৰিয়ালৰ সৈতে আছে বুলিও লগতে কয়।