NORTHEAST NOW (Assamese)
অসম

ধেমাজিৰ চিচিবৰগাওঁত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰ ভূঞাসহ দুই শতাধিকৰ ৰাইজৰ দলত যোগদান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 10, 2024 7:45 pm

ধেমাজি জিলাৰ চিচিবৰগাওঁ বিধানসভা সমষ্টিৰ উদ্যোগত আজি ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী আৰু গণসমাৱেশ অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সমষ্টিৰ বিধায়ক অখিল গগৈ, উপ-সভাপতি ডা: হৰিকান্ত দাস, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ, সাংগঠনিক সম্পাদক বীৰেন্দ্ৰ গগৈ, নৱজিৎ গগৈ আৰু জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েং।

উক্ত অনুষ্ঠানত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰুদ্ৰ ভূঞা, গণশক্তি দলৰ প্ৰাক্তন নেতা কনক কোঁৱৰ, অসম গণ পৰিষদৰ প্ৰাক্তন নেতা ভৱানী ভূঞা, বিজেপিৰ প্ৰাক্তন নেতা জগত বৰা, মৰিধল মণ্ডল কংগ্ৰেছৰ সভাপতি পুতুমণি শইকীয়া, প্ৰাক্তন কংগ্ৰেছ নেতা কৃষ্ণ গগৈৰ লগতে দুই শতাধিক ৰাইজে ৰাইজৰ দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলত যোগদান কৰে।

উক্ত অনুষ্ঠানত দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই সকলো নতুন সদস্যকে দললৈ আদৰণি জনাই বিজেপিৰ অপশাসনৰ বিষয়ে ৰাইজক সজাগ কৰি সংঘবদ্ধভাৱে আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজ দিয়াৰ কথা উল্লেখ কৰে।