NORTHEAST NOW (Assamese)
দেশ

উৰুৱাই দিয়া হ’ব অযোধ্যাৰ ৰাম মন্দিৰ : ভিডিঅ’ বাৰ্তাত ভাবুকি খালিস্তানী উগ্ৰপন্থী পান্নুনৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 11, 2024 9:45 pm

এয়াৰ ইণ্ডিয়াৰ বিমানৰ পিছত এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰক লক্ষ্য কৰি লৈছে কট্টৰ খালিস্তানীয়ে!

খালিস্তানী উগ্ৰপন্থী গুৰপতৱন্ত সিং পান্নুনে ৰাম মন্দিৰত বোমা বিস্ফোৰণৰ ভাবুকি দিছে। ১৬ৰ পৰা ১৭ নৱেম্বৰৰ ভিতৰত অযোধ্যাৰ ৰাম মন্দিৰত আক্ৰমণ কৰা হ’ব বুলি এটা ভিডিঅ’ বাৰ্তাত ভাবুকি দিছে পান্নুনে

জানিব পৰা মতে, এই ভিডিঅটো কানাডাৰ ব্ৰেম্পটনত শ্বুটিং কৰা হৈছে। যত কিছুদিন পূৰ্বে খলিস্তানী সমৰ্থকে আক্ৰমণ কৰিছিল।

ভিডিঅ’ বাৰ্তাত পান্নুনে সকীয়াই দিছে যে অযোধ্যাই হিন্দুত্ববাদী ন্যায় ব্যৱস্থাৰ ভিত্তি। আমি তামাটি কঁপাই দিম। এই ভিডিঅবাৰ্তাটোত দেশৰ কেইবাটাও হিন্দু মন্দিৰৰ ছবি দেখুওৱা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰা ছবি।

ৰাম মন্দিৰ উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ উপৰিও কানাডাৰ ভাৰতীয় মূলৰ সাংসদ চন্দ্ৰ আৰ্য্যকো ভাবুকি দিয়া দিছে পান্নুনে।

উল্লেখ্য যে ২০২০ চনত ইউএপিএ আইনৰ অধীনত পান্নুনক সন্ত্ৰাসবাদী ঘোষণা কৰা হৈছিল। তেওঁৰ সংগঠন Sikhs for Justice ৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ভাৰতত গ্ৰেপ্তাৰ হোৱাৰ আশংকাত পান্নুনে বিদেশৰ পৰাই সংগঠন পৰিচালনা কৰিছে। আমেৰিকাৰ লগতে তেওঁৰ কানাডাৰ নাগৰিকত্বও আছে।