NORTHEAST NOW (Assamese)
উত্তৰ-পূব

অশান্ত মণিপুৰ! চি আৰ পি এফৰ গুলীত প্ৰাণ গ’ল ১১ কুকি উগ্ৰপন্থীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 11, 2024 8:12 pm

পুনৰ উত্তপ্ত মণিপুৰ। সোমবাৰে জিৰিবাম জিলাৰ চি আৰ পি এফৰ এটা শিবিৰত আক্ৰমণ কৰে কুকি উগ্ৰপন্থীয়ে।

খবৰ অনুসৰি দুয়োপক্ষৰ মাজত হোৱা যুঁজত ১১ জন কুকি উগ্ৰপন্থী নিহত হয়।

সূত্ৰই জনোৱা মতে, এজন চি আৰ পি এফৰ এজন জোৱান আহত হৈছে। সমগ্ৰ অঞ্চলটোৰ চাৰিওফালে তালাচী অভিযান আৰম্ভ হৈছে। এই ঘটনাৰ বাবে অঞ্চলটোত জাৰি কৰা হৈছে সান্ধ্য আইন।

নিৰাপত্তা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, জিৰিবাম জিলাৰ বড়োবাকেৰা অঞ্চলত উগ্ৰপন্থীয়ে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে। ইয়াৰ পিছত তেওঁলোকে জিৰিবাম জিলাৰ বড়োবাকেৰা থানাক লক্ষ্য কৰি লয়। তাৰ পৰাই উগ্ৰপন্থীয়ে চি আৰ পি এফ শিবিৰত আক্ৰমণৰ চেষ্টা চলায়। এই ঘটনাৰ পিছতে প্ৰতিশোধ লয় নিৰাপত্তাৰক্ষীয়ে। নিহত হয় ১১জন উগ্ৰপন্থী।

মৃত উগ্ৰপন্থীৰ পৰা ৪টা এছ এল আৰ, ৩টা এ কে ৪৭, এটা আৰ পি জিকে ধৰি বৃহৎ পৰিমাণৰ গুলী উদ্ধাৰ কৰা হৈছে।

ইয়াৰ উপৰিও আহত চি আৰ পি এফ জোৱানজনক বিমানযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

সমগ্ৰ অঞ্চলটোত সান্ধ্য আইন জাৰি কৰি উগ্ৰপন্থীক বিচাৰি উলিয়াবলৈ আৰম্ভ কৰা হৈছে তালাচী অভিযান। সূত্ৰৰ পৰা জানিব পৰা মতে, অঞ্চলটোৰ এটা সাহায্য শিবিৰৰ লক্ষ্য আছিল উগ্ৰপন্থী।