NORTHEAST NOW (Assamese)
Popular Stories

বুলড’জাৰ চলোৱাৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ ৰায়লৈ আপৰ আদৰণি; পুলিচ ৰাজৰ অৱসান বিচাৰিলে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 14, 2024 4:44 pm

বুলড’জাৰৰ জৰিয়তে দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে আম আদমী পাৰ্টিয়ে। আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে শীৰ্ষ আদালতে দিয়া কঠোৰ নিৰ্দেশনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এক প্ৰেছ বিজ্ঞপ্তি যোগে সভাপতি ধানোৱাৰে কয়, ” উচ্চতম ন্যায়ালয়ৰ এই ৰায়ে বহু নিৰীহ লোকক সকাহ দিব। এতিয়াৰ পৰা চৰকাৰে স্বৈৰাচাৰী নীতিৰ আধাৰত কোনো নাগৰিকৰ মৌলিক অধিকাৰৰ ওপৰত আক্ৰমণ সংঘটিত কৰিব নোৱাৰিব। ভাৰতীয় সংবিধানে বাসস্থানৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে।

 

অথচ শেহতীয়া ভাৱে দেখা গৈছে যে মাথোঁ ৰাজনৈতিক লাভালাভৰ অংকত অসমকে ধৰি একাংশ ৰাজ্যৰ চৰকাৰে বিভিন্ন অজুহাতত উচ্ছেদ চলাইছে। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বিভিন্ন স্থানত নিৰীহ নাগৰিকৰ ওপৰত নিৰ্মম ভাবে বুলড’জাৰ চলোৱা হৈছে। অগণন শিশু, মহিলাক চৰকাৰে আশ্ৰয়হীন কৰিছে। শেহতীয়া ভাৱে বুলড’জাৰ লগাই চলোৱা উচ্ছেদৰ বিৰুদ্ধে আদালতৰ ৰায়ে নাগৰিকৰ বাসস্থানৰ অধিকাৰ সুৰক্ষিত কৰিব। আম আদমী পাৰ্টিয়ে সাধাৰণ মানুহৰ অধিকাৰ সুৰক্ষাৰ এই গুৰুত্বপূৰ্ণ ৰায়লৈ আদৰণি জনাইছোঁ। ”

 

আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে বটদ্ৰৱাৰ উচ্ছেদৰ প্ৰসংগ উত্থাপন কৰি কয় যে বটদ্ৰৱাত অভিযুক্তৰ ঘৰত আৰক্ষী প্ৰশাসনে চলোৱা বুলড’জাৰ উচ্ছেদৰ পিচত গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰকাৰক ভৰ্ৎসনা কৰিছিল। উচ্ছেদৰ বলি হোৱা পৰিয়াল সমূহক প্ৰায় ৩০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছিল। তাৰ পিছতো চৰকাৰে বিভিন্ন সময়ত বুলড’জাৰৰ প্ৰয়োগ কৰিছে। সংবিধান আৰু আইনৰ শাসন অৱমাননা কৰি ৰাজ্যখনত পুলিচ ৰাজ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। আম আদমী পাৰ্টিয়ে চৰকাৰক দেশৰ সংবিধান আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।