NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশত হিন্দু নিৰ্যাতন দমন ৰোধৰ বাবে আমেৰিকাক আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ প্ৰবাসী ভাৰতীয়গোষ্ঠীৰ হেঁচা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 16, 2024 3:21 pm

বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ প্ৰতিবাদত ভাৰত-আমেৰিকান সংগঠনে ড’নাল্ড ট্ৰাম্পক ঢাকাত আৰ্থিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে।বৰ্তমান ক্ষমতালৈ অহা ট্ৰাম্প প্ৰশাসনে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলি থকা নিৰ্যাতন ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমেৰিকাস্থ ভাৰতীয় গোটে হেঁচা প্ৰয়োগ কৰিছে। আমেৰিকাৰ কংগ্ৰেছত আৰ্থিক নিষেধাজ্ঞা জাৰি কৰাকে ধৰি বিভিন্ন ব্যৱস্থাৰ প্ৰস্তাৱৰ প্ৰস্তুতি আৰম্ভ হৈছে।

ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক ডাঃ ভৰত বৰায়ে ব্যৱস্থা গ্ৰহণ কৰে। বৰাই দেশৰ ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ এজন প্ৰভাৱশালী নেতা। আগন্তুক ট্ৰাম্প প্ৰশাসনে বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰচাৰ আৰম্ভ কৰিছিল তেওঁ। ভাৰতীয়-আমেৰিকানসকলে নতুন চৰকাৰে বাংলাদেশত আৰ্থিক অৱৰোধ আৰোপ কৰিবলৈ দাবী জনাইছে।

শেহতীয়াকৈ কেপিটেলত অনুষ্ঠিত হোৱা দীপাৱলী অনুষ্ঠানত বৰায়ে বাংলাদেশক লৈ ট্ৰাম্পৰ বৈদেশিক নীতিক স্মৰণ কৰে। ট্ৰাম্পৰ প্ৰচাৰ ভাষণৰ ভিতৰত এটা ভাষণৰ উদ্ধৃতি দি তেওঁ ভৱিষ্যত ৰাষ্ট্ৰপতিৰ ওপৰত আস্থা প্ৰকাশ কৰে। ভোটদানৰ পূৰ্বে ট্ৰাম্পে বাংলাদেশত হিন্দু আৰু খ্ৰীষ্টানৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে৷

ট্ৰাম্প প্ৰশাসনে বাংলাদেশত আৰ্থিক অৱৰোধ আৰোপ কৰিবলৈও আমি কংগ্ৰেছত দাবী উত্থাপন কৰিম বুলিও বৰাই কয়। বাংলাদেশত যদি আৰ্থিক অৱৰোধ আৰোপ কৰা হয় তেন্তে সেই দেশৰ বস্ত্ৰ উদ্যোগৰ ক্ষতি হ’ব বুলি তেওঁ দাবী কৰে। মন কৰিবলগীয়া যে বস্ত্ৰ উদ্যোগ বাংলাদেশৰ অৰ্থনীতিৰ মূল। ৰেডিমেড কাপোৰ বিক্ৰী কৰি ঢাকাই বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰে।

একে সময়তে বৰায়ে ভাৰত চৰকাৰক আবেদন জনাই কয় যে নতুন দিল্লীয়ে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত কূটনৈতিক পৰ্যায়ত আলোচনা কৰি আৰ্থিক নিষেধাজ্ঞা ঘোষণা কৰিব লাগে। কাৰণ ভাৰতৰ সৈতে বাংলাদেশৰ বৃহৎ পৰিমাণৰ বাণিজ্য। এনে হেঁচাত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে লজ্জা অনুভৱ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।যাৰ ফলত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।