NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ বৰকলাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ জোঁৰ সমদল

Posted by: এন ই নাও নিউজ May 25, 2018 12:18 pm
নগাঁওত জোৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত বহস্পতিবাৰে সন্ধিয়া নগাঁও জিলাৰ বৰক’লা অঞ্চলৰ ৰাজপথত সদৌ তিৱা ছাত্ৰ সন্থা, বৰক’লা আঞ্চলিক সমিতিয়ে জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী সমদলত শতাধিক প্ৰতিবাদীয়ে অংশ গ্ৰহণ কৰি ৰাজপথ উত্তাল কৰি তোলে।প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক যি কোনো মূল্যৰ বিনিময়ত বাতিল কৰিব লাগিব বুলি কৈ আইনখন বাতিল নহ’লে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি চৰকাৰক সকীয়াই দিয়ে।

উল্লেখোগ্য যে কালি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত বিভিন্ন দল-সংগঠনে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে ”সাংবাদিক সতীৰ্থ বঢ়মপুৰ, পুৰণিগুদাম আৰু চামগুৰি”ৰ অন্তৰ্গত সাংবাদিক সকলৰ আহ্বান ক্ৰমে আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিভিন্ন দল-সংগঠনৰ সহযোগত যোৱা ১৩ মে’ত পুৰণিগুদামস্থিত ড° ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত এখন বৃহৎ গণজাগৰণ সভা অনুষ্ঠিত হৈছিল।

নগাঁৱত সম্প্ৰতি প্ৰতিদিনে দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ বিৰুদ্ধ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।