NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

শীঘ্ৰেই অন্ত পেলোৱা হ’ব ৰুছ-ইউক্ৰেইন যুদ্ধৰ : ট্ৰাম্পৰ অংগীকাৰত আশ্বস্ত জেলেন’স্কি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 17, 2024 4:49 pm

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পিছত অন্ত পৰিব ৰুছ-ইউক্ৰেইন যুদ্ধৰ – এনে এক আশ্বাসত ৰৈ আছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেন’স্কি।

শুকুৰবাৰে ইউক্ৰেইনৰ সংবাদ মাধ্যম ছাছপিলনেক দিয়া এক সাক্ষাৎকাৰত জেলেনস্কিয়ে কয় যে ভৱিষ্যতে হোৱাইট হাউছ দখল কৰিবলগীয়া দলটোৰ নীতি অনুসৰি ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ অতি সোনকালে শেষ হ’ব সেয়া নিশ্চিত। এয়া সেই দলৰ মতামত। কাৰণ তেওঁলোক ৰাইজৰ প্ৰতি দায়বদ্ধ। যুদ্ধৰ অন্ত পৰিব। কিন্তু সেয়া কেতিয়া হ’ব মই সঠিকভাৱে নাজানো’।

আমেৰিকাৰ নিৰ্বাচনত জয়লাভ কৰাৰ পিছত জেলেনস্কিয়ে ট্ৰাম্পক টেলিফোনযোগে অভিনন্দন জনায়। সেই সন্দৰ্ভত তেওঁ কয় যে আমাৰ মাজত গঠনমূলক আলোচনা হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে ঘোষণা কৰিছিল যে ক্ষমতালৈ আহিলে ২৪ ঘণ্টাৰ ভিতৰত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান কৰিব। বিজয়ৰ পিছত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হয় ড’নাল্ড ট্ৰাম্প। অহা বছৰৰ ২০ জানুৱাৰীত শপত গ্ৰহণ কৰিব ট্ৰাম্পে।