NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

কেকৰ নামত বৰবিহ : গুৱাহাটীত বাউলিৰ পেকেটত ওলাল মৃত পঁইতাচোৰা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 17, 2024 5:52 pm
কেকৰ নামত বৰবিহ : গুৱাহাটীত বাউলিৰ পেকেটত ওলাল মৃত পঁইতাচোৰা

চাহৰ লগতেই হওঁক বা ভোক লাগিলেই হওঁক সততে কিনি খোৱা এবিধ জনপ্ৰিয় কেক হৈছে বাউলি। কিন্তু এই বাউলি কেকেই এতিয়া বিপদ মাতি আনিছে মানুহৰ স্বাস্থ্যৰ প্ৰতি।

সাধাৰণতে বাউলি শিশুসকলৰ খুবেই প্ৰিয় খাদ্য। শিশুসকলে প্ৰায়ে টিফিনত ভৰাই স্কুললৈ নিয়ে এই কেকবিধ।

কিন্তু এই কেকৰ পেকেটত ওলাইছে পঁইতাচোৰা। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ পার্শ্বৱৰ্তী পানীখাইতীত।

জানিব পৰা মতে চন্দ্ৰপুৰৰ পানীখাইতী অঞ্চলৰ এজন লোকে নিজৰ শিশুটিৰ স্কুলৰ টিফিনত দিবলৈ এটা বাউলি কেক স্থানীয় এখন দোকানৰ পৰা ক্ৰয় কৰি আনিছিল। কিন্তু কেকটোৰ পেকেট খুলি টিফিনত ভৰাব লওঁতেই হতভম্ব হৈ পৰে শিশুটিৰ অভিভাৱক। কিয়নো বাউলি কেকটোৰ ভিতৰত মৰি আছিল এটা পঁইতাচোৰা।

এতিয়া প্ৰশ্ন হয়, এই বাতৰি প্ৰকাশৰ পিছত খাদ্য সুৰক্ষা বিভাগ বা প্ৰশাসনে কোম্পানীটোৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে?