NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত আলফা-স্বাধীনৰ নামত ধন দাবী কৰাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2024 10:34 am

শিৱসাগৰত আলফা-স্বাধীনৰ নামত ধন দাবী কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ হৈছে। অভিযুক্ত দুজনৰ নাম প্ৰদীপ বৰা আৰু মুকুট চাংমাই।

তেওঁলোকে নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৰ নাম ব্যৱহাৰ কৰি এজন ব্যৱসায়ীৰ পৰা ধন দাবী কৰা বুলি অভিযোগ উঠিছে।

ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দুয়োজনকে গ্ৰেপ্তাৰ কৰে।

শিৱসাগৰৰ বেতবাৰী গাঁৱৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

লগতে পঢ়কঃ চিবিআই আদালতে নাকচ কৰিলে চুমি বৰাৰ জামিন আবেদন

দুয়োজনৰ ভিতৰত মুকুট বেতবাৰীৰ বাসিন্দা হোৱাৰ বিপৰীতে প্ৰদীপ জিলাখনৰ ভেকেলাইৰ বাসিন্দা।

আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে বিষয়টোৰ তদন্ত কৰি আছে আৰু আলফা-স্বাধীনৰ সৈতে দুয়োজনৰ সম্ভাৱ্য সম্পৰ্ক পৰীক্ষা কৰাৰ চেষ্টা কৰিছে।