NORTHEAST NOW (Assamese)
অসম

বিতৰ্কৰ বাবে আদানি গ্ৰুপৰ সৈতে চুক্তি বাতিল কেনিয়াৰ; বাংলাদেশেও বৃদ্ধি কৰিব পাৰে চাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2024 12:51 pm

আমেৰিকাত জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাৰ বাবে দেশ-বিদেশত আদানি গোষ্ঠী চাপত পৰিছে। ইতিমধ্যে গৌতম আদানিক গ্ৰেপ্তাৰৰ দাবীত সৰৱ হৈছে দেশৰ বিৰোধী শিবিৰ। তাৰমাজতে ইতিমধ্যে বিদেশৰ পৰা চুক্তি বাতিলৰ পৰ্ব আৰম্ভ হৈছে। আমেৰিকাত হোৱা বিতৰ্কৰ বাবে কেনিয়াই আদানিৰ কোম্পানীৰে বিদ্যুৎ চুক্তি বাতিল কৰে। জনা গৈছে যে বাংলাদেশ চৰকাৰেও বিদ্যুতৰ চুক্তি সন্দৰ্ভত আদানি গ্ৰুপৰ সৈতে নতুন আলোচনাৰ দাবী কৰিব পাৰে।

বৃহস্পতিবাৰে আমেৰিকাৰ আদালতে গৌতম আদানিৰ বিৰুদ্ধে এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্পৰ আৱন্টন লাভৰ বাবে ভাৰত চৰকাৰৰ বিষয়াক ২৬৫ মিলিয়ন মাৰ্কিন ডলাৰ উৎকোচ দিয়াৰ প্ৰস্তাৱ দিছিল। ভাৰতীয় মুদ্ৰাত যিটো ২২০০ কোটি টকাতকৈও অধিক।

প্ৰকল্পটোৰ আৱন্টন লাভৰ বাবে উদ্বাউল হৈ আদানী গোষ্ঠীটোৱে ভাৰত চৰকাৰৰ বিষয়াসকলক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছিল। গৌতম আদানিৰ লগতে তেওঁৰ ভতিজাক সাগৰো এই গোচৰত অভিযুক্ত। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গৌতম আৰু সাগৰ দুয়োৰে বিৰুদ্ধে আমেৰিকা প্ৰশাসনে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

এই অভিযোগ পোহৰলৈ অহাৰ পিছতে শনিবাৰে আদানি গোষ্ঠী শ্বেয়াৰ বজাৰত ডাঙৰ আঘাতৰ সন্মুখীন হয়। এটা এটাকৈ শ্বেয়াৰৰ দাম কমিবলৈ ধৰে। আদানি গ্ৰীণ এনাৰ্জীয়ে জনোৱা মতে, আমেৰিকাত তেওঁলোকে মুকলি কৰিবলগীয়া ৬০ কোটি ডলাৰৰ বণ্ডটো আপাততঃ স্থগিত ৰখা হৈছে।

এইবাৰ কেনিয়া চৰকাৰে আদানিৰ সৈতে হোৱা ডাঙৰ চুক্তি বাতিল কৰিলে। জোমো কেনিয়াট্টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উন্নীতকৃত যাত্ৰী টাৰ্মিনেল নিৰ্মাণ, ৰাণৱেৰ ৰক্ষণাবেক্ষণ আৰু অহা ৩০ বছৰলৈ বিমানবন্দৰটো পৰিচালনাৰ বাবে আদানি গ্ৰুপৰ সৈতে চুক্তিবদ্ধ হৈছিল। আমেৰিকাৰ আদালতৰ নিৰ্দেশৰ কথা জানিব পাৰি কেনিয়াই আদানি গ্ৰুপৰ সৈতে হোৱা বিশাল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বিদ্যুৎ যোগান লাইন নিৰ্মাণৰ বাবে আদানি গ্ৰুপৰ সৈতে প্ৰস্তাৱিত চুক্তি বাতিল কৰা হৈছে বুলি উল্লেখ কৰে ৰাষ্ট্ৰপতি উইলিয়াম ৰুটোৱে। দৰাচলতে এই চুক্তিক লৈ কেনিয়াত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ হৈছিল। বহু কেনিয়াবাসীয়েও আপত্তি কৰিছিল। আদানি অলপ সংকটত পৰাৰ সময়তে সুবিধা বুজি কেনিয়াই চুক্তি বাতিল কৰিলে।

কেনিয়াৰ চুক্তি বাতিল কৰাৰ পিছত এতিয়া বাংলাদেশৰ ওপৰত দৃষ্টি ৰৈছে। বাংলাদেশৰ বিশেষজ্ঞসকলৰ মতে আমেৰিকাত বিতৰ্কৰ পিছত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰেও আদানি গোষ্ঠীৰ সৈতে হোৱা চুক্তি পুনৰ বিবেচনা কৰিব পাৰে। দেশখনৰ এজন আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞই দাবী কৰিছে, “আদানিৰ হাছিনা চৰকাৰৰ সৈতে হোৱা চুক্তিক লৈ আৰম্ভণিৰে পৰাই প্ৰশ্ন উত্থাপন হৈছিল।” ইয়াৰ পূৰ্বে অন্তৱৰ্তীকালীন চৰকাৰে চুক্তিখনৰ পুনৰ আলোচনাৰ বাবে বিচাৰিছিল। এইবাৰ সম্ভৱতঃ বাংলাদেশে দৰদামৰ ক্ষেত্ৰত চাপ বৃদ্ধি কৰিব।”