NORTHEAST NOW (Assamese)
Popular Stories

এজন যুৱকৰ মাটি দখল কৰিলে চৰকাৰে! সুউচ্চ টেংকীৰ ওপৰত উঠি প্ৰতিবাদ ভুক্তভোগীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 24, 2024 11:41 am

সুউচ্চ পানীৰ টেংকী! এজন যুৱক তাৰ ওপৰলৈ উঠিছে। হঠাৎ পথাৰত কৰ্মৰত এজন ব্যক্তিয়ে ঘটনাটো দেখিলে। কাষৰ ৰাইজৰ চিঞৰ-বাখৰত কোনো গুৰুত্ব নিদিয়াকৈ যুৱকজনে টেংকীৰ ওপৰত বহিল। তাত বহি ইটোৰ পিছত সিটোকৈ যুৱকজনে আত্মহত্যাৰ ভাবুকি দিছে। কিন্তু হঠাৎ কিয় এনে হ’ল?

আচলতে চৰকাৰৰ বিৰুদ্ধে খং। যুৱকজনে ক্ষোভ প্ৰকাশ কৰিবলৈ পানীৰ টেংকীৰ পৰা জপিয়াই পৰাৰ ভাবুকি দিয়ে। অৱশেষত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰে। এই ঘটনা সংঘটিত হৈছিল ৰাজস্থানৰ আজমেৰত।

ৰাজস্থানৰ আজমেৰৰ বাসিন্দা ত্ৰিশ বছৰীয়া চুলেইমান। চৰকাৰৰ প্ৰতি তেওঁৰ ক্ষোভ আছে৷আজমেৰ উন্নয়ন কৰ্তৃপক্ষক ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ পানীৰ টেংকিত উঠিছিল।তেওঁৰ মতে, যদিহে মাটি ঘূৰাই নিদিয়ে তেন্তে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ’ব। পৃথ্বীৰাজ নগৰত তেওঁৰ ৩.৫ বিঘা মাটি আছে বুলি অভিযোগ উত্থাপন কৰে চুলেইমানে। ১০ বছৰ পূৰ্বে আজমেৰ উন্নয়ন কৰ্তৃপক্ষই এই ভূমি অধিগ্ৰহণ কৰিছিল।

সেই মাটিৰ পৰিবৰ্তে তিনি বিঘা মাটি আন ঠাইলৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো প্ৰশাসনে আজিলৈকে পূৰণ কৰিব পৰা নাই। ইমান দিন বিভিন্ন অফিচত দৌৰি ফুৰাৰ পিছতো কোনো লাভ নহ’ল। আদালতত গোচৰটো যুঁজিবলৈ তেওঁৰ হাতত টকা নাই। ফলত তেওঁ আত্মহত্যাৰ পথ বাছি ল’ব লগা হয়। পাঁচটা দীঘলীয়া ঘণ্টাৰ পাছতো কোনেও তেওঁক টেংকীৰ পৰা উলিয়াই আনিব নোৱাৰিলে।

অৱশেষত আৰক্ষী আৰু কৰ্তৃপক্ষৰ আশ্বাস লৈ পানীৰ টেংকীৰ পৰা নামি আহিল চুলেইমান। আজমেৰ উন্নয়ন কৰ্তৃপক্ষই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।