NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

সেনা বাহিনীত যোগ দি যুদ্ধ কৰিলে মাফ হ’ব বেংকৰ ঋণ : সবিশেষ জানিবলৈ লিংকটো ক্লিক কৰক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 25, 2024 8:26 pm

যোৱা দুটা বছৰ ধৰি চলি আছে ৰুছ-ইউক্ৰেইনৰ যুদ্ধ। এই যুদ্ধ অব্যাহত ৰাখিবলৈ বদ্ধপৰিকৰ হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন।

কালি পুটিনে কয় যে ৰাছিয়াৰ নাগৰিকসকলে সেনাবাহিনীত যোগদান কৰিলে তেওঁলোকৰ ঋণ ৰেহাই দিয়া হ’ব।

এই সম্পৰ্কত এখন আইনতো স্বাক্ষৰ কৰি মোহৰ মাৰিছে পুটিনে।

এই আইনখনমতে সেনাবাহিনীত সেৱা আগবঢ়াই থকা লোক আৰু তেওঁলোকৰ পত্নী বা স্বামীক ৮১.০৫ লাখ টকা পৰ্যন্ত ঋণ মাফ কৰা হ’ব। অহা ১ ডিচেম্বৰৰ পৰা এই নিয়ম বলৱৎ কৰা হ’ব।