NORTHEAST NOW (Assamese)
Popular Stories

বিশাল,তাৰ্কিক, স্বপ্ননীলৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ! নাকচ চুমি বৰাৰ জামিন আবেদন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 26, 2024 3:31 pm

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে চুমি বৰাৰ জামিন৷

চুমি বৰাৰ স্বামী তাৰ্কিক বৰাৰ জামিন মঞ্জুুৰ কৰিছে আদালতে৷

লগতে ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা বিশাল ফুকন আৰু স্বপ্ননীলৰ জামিন মঞ্জুৰ কৰিছে হাইকোৰ্টে৷

বৰ্তমান গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে আটাইকেইজন৷

উল্লেখ্য যে, ট্রেডিং কাৰবাৰত প্ৰথমে ধন আত্মসাতত নাম সাঙোৰ খাইছিল স্বপ্ননীলৰ। কিছুদিন পূৰ্বে Stock Market ব্যৱসায়ৰ পৰা অৱসৰ লৈছিল স্বপ্ননীলে। কিছুদিন পূৰ্বে Black stone নামৰ এটা ট্ৰেডিং Appৰ জৰিয়তে অসমৰ পৰা বহু টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই Black stone নামৰ এপটোৰ লগত স্বপ্ননীল দাস জড়িত থকাৰ অভিযোগ। 

ইপিনে ট্ৰেডিঙৰ নামত কোটি-কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ চুমি-বিশালসহ ৮ অভিযুক্তৰ বিৰুদ্ধে আছে।