NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত জঘন্য কাণ্ড : ৰাষ্ট্ৰীয় পৰ্যায়ৰ টাংচুডু খেলুৱৈক অপহৰণ কৰি ধৰ্ষণ তিনি লম্পটৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 26, 2024 6:23 pm

শিৱসাগৰত সংঘটিত হৈছে জঘন্য কাণ্ড। ৰাষ্ট্ৰীয় পৰ্য্যয়ৰ টাংচুডু খেলুৱৈৰ লগত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড।

নাবালিকাক  অপহৰণ কৰি ধৰ্ষণ কাণ্ড সংঘটিত কৰে তিনি লম্পটে। শুক্ৰবাৰে বিয়লি সংঘটিত হয় এই জঘন্য কাণ্ড।

শুক্ৰবাৰে আবেলি ৪:৩০ বজাত ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত চিকাৰীভেটী অঞ্চলৰ এটা পথত খোজকাঢ়ি গৈ থকা অৱস্থাত এখন টাটা গাড়ীত উঠি অহা তিনি পাষণ্ডই মুখত সোপা দি উঠাই লৈ যায় নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক। তাৰে দুই লম্পটৰ নাম সুনীল আৰু ভাইটি।

কিশোৰীগৰাকীক সুনীল নামৰ ব্যক্তিজনৰ বাসগৃহলৈ লৈ গৈ উচ্চস্বৰত ডি জে বজাই সুনীল আৰু ভাইটিয়ে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীয়ে।

মদৰ ৰাগীত মাতাল হৈ থকা লম্পট কেইটাৰ কবলৰ পৰা কোনোমতে পলাই অহি সমগ্ৰ ঘটনাৰ কথা মাতৃক অৱগত কৰাৰ পিছতেই পৰিয়ালৰ লোকে ডিমৌ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ।

বৰ্তমান দুৰ্ভগীয়া কিশোৰী গৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ন্যায় লাভ নকৰিলে চৰম পন্থা বাচি লবলৈ বাধ্য হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে । 

উল্লেখ্য যে বৰ্তমানলৈকে কোনো অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই ঘটনাই সমগ্ৰ শিৱসাগৰতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অতি সোনকালে দোষীক কৰায়ত্ত কৰিবলৈ সৰ্বত্ৰে দাবী উত্থাপন হৈছে।