NORTHEAST NOW (Assamese)
Popular Stories

কলেজ শিক্ষক নিযুক্তি খচৰা নিয়মাৱলী বাতিলৰ দাবীত দীঘলীপুখুৰীত এছএফআই, ডিৱাইএফআই কে ধৰি ৬ টা সংগঠনৰ প্ৰতিবাদ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 29, 2024 7:44 pm

আজি ২৯ নৱেম্বৰ তাৰিখে এছ এফ আই, ডি ৱাই এফ আইকে ধৰি ৬ টা ছাত্ৰ যুৱ সংগঠনে কলেজ শিক্ষক নিযুক্তি খচৰা নিয়ম বাতিল কৰাৰ দাবীত দীঘলী পুখুৰীত প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠন কেইটাই দাবী কৰে যে উক্ত খচৰাই অসমৰ উচ্চ শৈক্ষিক ব্যৱস্থাটোক পৰিকল্পিতভাৱে ধ্বংস কৰাৰ লগতেই শিক্ষাৰ্থীসকলৰ কাৰণে এক ভয়াবহ ভৱিষ্যত কঢ়িয়াই আনিব।

এই নতুন নিয়ম অনুসৰি অসমত কলেজ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ৯০ নম্বৰৰে লিখিত পৰীক্ষা আৰু ১০ নম্বৰৰে ইন্টাৰভিউ ব্যৱস্থাৰে এই পৰীক্ষাটো অনুষ্ঠিত হ’ব। কিন্তু এই নিৰ্দিষ্ট পৰীক্ষাটোৰ বাবে যি চিলেবাছ তথা পাঠ্যক্ৰম নিৰ্ধাৰণ কৰা হৈছে, সেয়া অতিকৈ চিন্তনীয়। পৰিতাপৰ বিষয় যে গোটেই চিলেবাছখনত কেৱলমাত্ৰ ইন্টাৰভিউতহে বিষয় ভিত্তিক জ্ঞানৰ ক্ষেত্ৰত মাত্ৰ ৫ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সমান্তৰালভাৱে অন্য কিছুমান বিষয় যি সমূহ প্ৰশাসনিক পৰীক্ষাৰ বাবে প্ৰয়োজনীয়, সেইসমূহত অধিক নম‌্বৰ তথা গুৰুত্ব প্ৰদান কৰা হৈছে।

অৰ্থাৎ ৰসায়ন বিজ্ঞান বিভাগৰ এজন শিক্ষকে ৰসায়ন বিদ্যাৰ সম্পৰ্কে জনাতকৈ চৰকাৰী আঁচনি সম্পৰ্কে অধিক জনাটোতহে এই পৰীক্ষাটোৱে গুৰুত্ব আৰোপ কৰিছে। এজন কলেজ শিক্ষকৰ মূলতঃ চৰ্তটোৱেই হ’ব লাগে নিজৰ বিষয়ৰ ওপৰত দক্ষতা। এজন পদাৰ্থ বিজ্ঞানৰ শিক্ষক বা ৰসায়ন বিজ্ঞানৰ শিক্ষকে চৰকাৰী আঁচনি সম্পৰ্কে অধিক জনাতকৈ নিজৰ বিষয়ৰ ওপৰত অধিক জনাটো অতি প্ৰয়োজন। কলেজ শিক্ষক আৰু প্ৰশাসনিক বিষয়াৰ মাজত কিছুমান মৌলিক পাৰ্থক্য থাকে। তেনে ক্ষেত্ৰত তুলনামূলকভাৱে অসম লোকসেৱা আয়োগৰ পাঠ্যক্ৰম কলেজ শিক্ষকসকলৰ বাবে নিৰ্ধাৰণ কৰি চৰকাৰে কলেজ শিক্ষকক প্ৰশাসনিক বিষয়া লৈ ৰূপান্তৰ কৰি উচ্চশিক্ষাক এক ভেকোভাওনালৈ পৰিৱৰ্তন কৰিব।তাতোকৈ পৰিতাপৰ কথা যে উচ্চ শিক্ষাৰ মূলতঃ স্তম্ভটোৱেই হৈছে গৱেষণা।

এই গৱেষণাৰ লগত সমাজৰ বৌদ্ধিক পৰিৱেশটোৰ এক সম্পৰ্ক আছে। কিন্তু এই নতুন নিযুক্তিৰ নিয়মে গুণগত গৱেষণাক সম্পূৰ্ণভাৱে গুৰুত্বহীন কৰি তুলিছে। গৱেষণা কেৱলমাত্ৰ প্ৰমোচনৰ এক চৰ্ত হৈ পৰিছে। তাৰ লগতেই এই গোটেই পৰীক্ষাৰ পাঠ্যক্ৰমটোৱে কিছুমান কোচিং মাফিয়াকে সৃষ্টি কৰিব আৰু দৰিদ্ৰ শিক্ষাৰ্থীসকল বঞ্চিত হ’ব।

প্ৰস্তাৱিত বিল খনে অসমৰ উচ্চ শিক্ষা জগতত অতিকেন্দ্ৰিকতাৰ বোজা জাপি দিব ৷ সকলোৱে জনা কথা যে প্ৰাদেশিকৰণ হোৱাৰ পাছতো মহাবিদ্যালয়ৰ কামকাজ বৰ্তমান “গভাৰ্নিং বডি“ সমূহৰ দ্বাৰা পৰিচালিত হৈ আহিছে ৷ স্থানীয় ভাৱে এই গভাৰ্নিং বডিয়ে অধ্যাপক/অধ্যাপিকা কৰ্মচাৰী সকলৰ ছুটি সমূহ, পদোন্নতি, শৈক্ষিক কামকাজ পৰিচালনা কৰি আহিছে ৷ গভাৰ্নিং বডিয়ে গ্ৰহণ কৰা প্ৰস্তাৱ সমূহ উচ্চ শিক্ষা সঞ্চালকালয়ে যাৱতীয় অনুমোদন দিয়ে ৷পাছে এই বিল খনে গভাৰ্নিং বডিৰ ক্ষমতা সংকুচিত কৰিব ৷ অধ্যাপক/অধ্যাপিকা কৰ্মচাৰী সকলোৰে কামকাজ কোনো আমোলাৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিব ৷ উদাহৰণ স্বৰূপে বৰ্তমান অধ্যাপক/অধ্যাপিকা কৰ্মচাৰী সকলৰ উপস্থিতিৰ সময় উচ্চ শিক্ষা সচিবে নিৰ্ধাৰণ কৰাই নহয় মাহেকীয়া উপস্থিতিৰ “পান্সিং প্ৰতিবেদন“ উচ্চ শিক্ষা সঞ্চালকালক জমা দিবলৈও বাধ্য কৰোৱা হৈছে ৷ এই বিষয়টো গভাৰ্নিং বডিৰ আওতাধীন যদিও উচ্চ শিক্ষা বিভাগে গভাৰ্নিং বডিক চেৰাই নিজা আমোলাতান্ত্ৰিক ব্যৱস্থা জাপি দিছে ৷

বিল প্ৰয়োজ্য নৌ হওতেই জাপি দিয়া আমোলাকেন্দ্ৰিক এনে ব্যৱস্থাই বিল গৃহিত হোৱাৰ পাছত কি ৰূপ লব সেয়া অনুমানৰ বাহিৰত নহয় ৷ সেইদৰে ইউ জি চি নিয়মাৱলীক আওকাণ কৰি প্ৰস্তুত কৰা এনে বিলৰ আঁৰত ভৱিষ্যতে ইউ জি চি অনুমোদন ক্ৰমে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক পৰিবৰ্দ্ধিত দৰমহাৰ পৰা বঞ্চিত কৰি ৰাজ্য চৰকাৰৰ দৰমহাৰে সীমিত কৰি ৰখাৰো প্ৰশাসনিক কৌশল থকাৰ সম্ভাৱনা আছে ৷ সমৰ্থ পৰ্টেলৰ যোগেদি কেন্দ্ৰীভুত নামভৰ্তি /শৈক্ষিক পৰিচালনা প্ৰক্ৰিয়া, শিক্ষক কৰ্মচাৰীৰ মাহেকীয়া উপস্থিতিৰ প্ৰতিবেদন পঠাবলৈ বাধ্য কৰোৱা, একোখন নিয়োগ বৰ্ডৰ যোগেদি নতুন অধ্যাপক/অধ্যাপিকাক পূৰ্বনিৰ্ধাৰিত পাঠ্যক্ৰমৰ মাজেৰে নিৰ্বাচনকৰা আদি প্ৰক্ৰিয়াৰ মাজেৰে অসমৰ উচ্চ শিক্ষা ব্যৱস্থাক স্থানীয় শিক্ষাবিদ,সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, সমাজকৰ্মীৰ দ্বাৰা গঠিত গভাৰ্নিং বডিৰ হাতৰ পৰা কাঢ়ি আনি যি অতিকেন্দ্ৰিক,আমোলানিয়ন্ত্ৰিত, অতিৰিক্ত প্ৰযুক্তি নিৰ্ভৰ ব্যৱস্থা গঢ়ি তুলিব বিচাৰিছে; সিয়ে অসমৰ উচ্চ শিক্ষাৰ জগতলৈ অশনি সংকেত নমাই আনিব ৷