NORTHEAST NOW (Assamese)
Popular Stories

বিধায়ক অখিল গগৈৰ নিজৰাপাৰৰ বাসগৃহৰ কেম্পাছত মহিলাৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2024 12:21 pm

বিধায়ক অখিল গগৈৰ মহানগৰৰ নিজৰাপাৰৰ বাসগৃহৰ চৌহদত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম পুষ্পাখী বৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, অখিল গগৈৰ বাসগৃহৰ চৌহদতে অকলশৰে বাস কৰিছিল মহিলাগৰাকীয়ে। শনিবাৰে মাজ নিশা ১:৩০ বজাত চানমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।

উল্লেখযোগ্য যে, মৃতদেহ উদ্ধাৰৰ সময়ত অখিল গগৈ বাসগৃহত উপস্থিত আছিল।

প্ৰাপ্ত তথ্য অনুসৰি, মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে মাটিখিনি ক্ৰয় কৰিছিল।

উল্লেখ্য যে, অখিল গগৈৰ চৌহদৰ ভিতৰতেই আছে মহিলাগৰাকীৰ বাসগৃহ। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মহিলাগৰাকীৰ মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।