NORTHEAST NOW (Assamese)
অসম

বিদায়ৰ পূৰ্বে ব্যৱহাৰ কৰিলে ‘চূড়ান্ত ক্ষমতা’; প্ৰতিশ্ৰুতি ভংগ কৰি পুত্ৰক ক্ষমাদান জো বাইডেনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2024 11:21 am

অহা ২০ জানুৱাৰীত ক্ষমতাৰ পৰা বিদায় ল’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। সেইদিনা তেওঁ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ক্ষমতা অৰ্পণ কৰিব। কিন্তু বিদায়ৰ পূৰ্বে ‘চূড়ান্ত ক্ষমতা’ ব্যৱহাৰ কৰিলে বিদায়ী ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁ নিজৰ পুত্ৰ হাণ্টাৰৰ বাবে বিনাচৰ্তে ৰাষ্ট্ৰীয় ক্ষমা ঘোষণা কৰে।

স্থানীয় সময় অনুসৰি দেওবাৰে জাৰি কৰা এক বিবৃতিত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ পুত্ৰক ক্ষমাদান দিয়াৰ কথা ঘোষণা কৰে। বিচাৰত দোষী সাব্যস্ত হ’লেও বাইডেনে পুত্ৰক ক্ষমা নকৰে বুলি পূৰ্বে প্ৰতিশ্ৰুতি দিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দুটা অপৰাধমূলক গোচৰত শাস্তি লাভ কৰা হাণ্টাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাষ্ট্ৰীয় ক্ষমা ঘোষণা কৰে। বিবৃতিটোত বাইডেনে কয় যে তেওঁৰ পুত্ৰক “বেলেগ কৰি চোৱা হৈছে” (বিচাৰৰ নামত)। তেওঁ লগতে পুত্ৰৰ গোচৰসমূহক ‘ন্যায়ৰ ব্যৰ্থতা’ বুলিও অভিহিত কৰে।

বিবৃতিটোত বাইডেনে কয় যে ‘’আজি মই মোৰ পুত্ৰ হাণ্টাৰৰ বাবে ক্ষমা ঘোষণাৰ চুক্তিত স্বাক্ষৰ কৰিলোঁ। এক্সিকিউটিভ গ্ৰাণ্ট অৱ ক্লেমেন্সিৰ কপি অনুসৰি ই এক সম্পূৰ্ণ আৰু নিঃচৰ্ত ক্ষমা।”

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, ‘মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা (ৰাষ্ট্ৰপতি হিচাপে) মই কৈছিলো যে মই ন্যায়পালিকাৰ সিদ্ধান্ত গ্ৰহণত হস্তক্ষেপ নকৰো আৰু মই মোৰ কথা পালন কৰিছো। অৱশ্যে মোৰ পুত্ৰক বেলেগ ধৰণে আৰু অন্যায়ভাৱে বিচাৰৰ সন্মুখীন হোৱা দেখিলোঁ৷”

বাইডেনে ঘোষণা কৰা এই ক্ষমা নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও বাতিল কৰিব নোৱাৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ছেপ্টেম্বৰৰ আৰম্ভণিতে হাণ্টাৰ বাইডেনে কৰ ফাঁকিৰ অভিযোগত দোষী সাৱ্যস্ত হয় আৰু ইয়াৰ পূৰ্বে যোৱা জুন মাহত অবৈধ ড্ৰাগছ সেৱনকাৰী হোৱাৰ পিছতো বন্দুক ৰখাৰ গোচৰত দোষী সাব্যস্ত হৈছিল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত হাণ্টাৰক আমেৰিকাৰ ডেলাৱেৰৰ এখন আদালতত আগ্নেয়াস্ত্ৰৰ সৈতে জড়িত গোচৰত অভিযুক্ত কৰা হৈছিল।

হোৱাইট হাউছে অৱশ্যে পূৰ্বে কৈছিল যে জো বাইডেনে নিজৰ পুত্ৰক ক্ষমা নকৰে। যোৱা বছৰৰ ডিচেম্বৰ মাহত হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰিন জিন-পিয়েৰে কৈছিল, “মই অতি স্পষ্টভাৱে কৈছো; ৰাষ্ট্ৰপতিয়ে (যদি বিচাৰত দোষী সাব্যস্ত হয়) তেওঁৰ পুত্ৰক ক্ষমা নকৰে।”

৫৪ বছৰীয়া হাণ্টাৰ বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বিতীয় সন্তান। তেওঁৰ জন্ম হৈছিল বাইডেনৰ প্ৰথম পত্নী নেইলী হাণ্টাৰৰ গৰ্ভত।

১৯৬৬ চনত নেইলী হাণ্টাৰে জো বাইডেনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীহালৰ দুজন পুত্ৰ বিউ বাইডেন আৰু হাণ্টাৰ বাইডেন আৰু কন্যা নাওমি বাইডেন। ১৯৭২ চনত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত নেইলী হাণ্টাৰ আৰু নাওমি বাইডেনৰ মৃত্যু হয়। ২০১৫ চনত বাইডেন-নেইলীৰ ডাঙৰ সন্তান বিউ বাইডেনৰো দুৰাৰোগ্য কৰ্কট ৰোগত মৃত্যু হৈছিল।

নেইলী হাণ্টাৰৰ মৃত্যুৰ ৫ বছৰৰ পাছত জো বাইডেনে তেওঁৰ বৰ্তমানৰ পত্নী আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল ট্ৰেচি জেকব বাইডেনক বিয়া কৰায়। এই দম্পতীৰ একমাত্ৰ কন্যা এছলী বাইডেন। আইনৰ ডিগ্ৰীধাৰী হাণ্টাৰ বাইডেনে নিজৰ কেৰিয়াৰৰ প্ৰথম কেইবছৰমান আইনী ব্যৱসায়ত জড়ি আছিল।