NORTHEAST NOW (Assamese)
অসম

মূল্য ভৰিব লাগিব ধূম্ৰপানৰ! ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ জি এছ টিৰ প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 3, 2024 1:29 pm

ধোঁৱাৰ কুণ্ডলী পকাই চিগাৰেটত মৰা ‘সুখটান’ এইবাৰ ব্যয়বহুল হ’বলৈ গৈ আছে। কেৱল চিগাৰেটেই নহয়, অন্যান্য ধঁপাতজাতীয় সামগ্ৰী, আনকি শীতল পানীয়ৰ দামো বৃদ্ধি হ’বলৈ গৈ আছে। এই সকলোবোৰ সামগ্ৰীৰ ওপৰত ৩৫ শতাংশ জি এছ টি আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে মন্ত্ৰীসভাই।

বৰ্তমান এই সামগ্ৰীসমূহৰ ওপৰত ২৮ শতাংশ জি এছ টি প্ৰযোজ্য। ইয়াক ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত অহা ২১ ডিচেম্বৰত জি এছ টি পৰিষদৰ বৈঠকত লোৱা হ’ব।

শেহতীয়াকৈ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। তাত ১৪৮টা সামগ্ৰীৰ জি এছ টিৰ পৰিৱৰ্তনৰ পৰ্যালোচনা কৰা হয়। শাৰীৰিক আৰু মানসিক ক্ষতিসাধন কৰা সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰাৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ জি এছ টি হ্ৰাস কৰাৰ কথাও চৰ্চা হৈছে।

লগতে পঢ়কঃ মৰ্মান্তিক! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫জনকৈ MBBSৰ ছাত্ৰই

বৰ্তমান জি এছ টিৰ গাঁথনিৰ চাৰিটা স্তৰ আছে। এইবোৰ হ’ল, ৫, ১২, ১৮ আৰু ২৪। মূলতঃ বিলাসী সামগ্ৰী আৰু মাদক দ্ৰব্যৰ ওপৰত আটাইতকৈ বেছি কৰ আৰোপ কৰা হয়। সেই হিচাপে ধঁপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত ২৮ শতাংশ চি এছ টি প্ৰযোজ্য। সেইটো এইবাৰ একেবাৰতে বহুখিনি বৃদ্ধি হ’ব পাৰে।

সংবাদ সংস্থাৰ বাতৰি মতে, কেবিনেট বৈঠকত পেকেজড খোৱাপানী (২০ লিটাৰ আৰু তাৰ ওপৰৰ) জি এছ টি হ্ৰাস কৰাৰ সিদ্ধান্তও লোৱা হয়। বৰ্তমানৰ ১৮ শতাংশ জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰাৰ চৰ্চা চলিছে। এক্সচাৰচাইজ নোটবুকৰ ওপৰত জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা আৰু ১৫ হাজাৰ টকাৰ ওপৰৰ জোতাৰ জি এছ টি ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

লগতে পঢ়কঃ বিয়াত বহিবলৈ সাজু পি ভি সিন্ধু, কাৰ ডিঙিত মালা পিন্ধাব অলিম্পিক পদক বিজয়ী শ্বাটলাৰগৰাকীয়ে?

উল্লেখ্য যে অহা ২১ ডিচেম্বৰত ৰাজস্থানৰ জয়ছালমেৰত ৰাজ্যৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব নিৰ্মলা সীতাৰমনে। জি এছ টি পৰিষদৰ বৈঠকত কেবিনেটৰ প্রস্তাৱিত প্রতিবেদন দাখিল কৰা হ’ব৷ তাতেই চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।