NORTHEAST NOW (Assamese)
অসম

বৰপেটাত মেট্ৰিকত অনুত্তীৰ্ণ হোৱাত আত্মহত্যাৰ পথ গ্ৰহণ ছাত্ৰীৰ

Posted by: পুলেন্দ্ৰ দাস May 25, 2018 10:36 pm

সমগ্ৰ ৰাজ্যতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলক লৈ এক আনন্দময় পৰিৱেশে বিৰাজ কৰি থকাৰ মাজতে আজি বৰপেটা জিলাৰ এগৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱাত আত্মহত্যাৰ দৰে চৰম পথ বাছি লয়।

উল্লেখযোগ্য যে জানিব পৰা মতে বৰপেটা থানাৰ অন্তৰ্গত পাটলিকুছি গাঁৱৰ কদ্দুছ আলীৰ কন্যা ৰাছিদা পাৰবিনে মন্দিয়াৰ কপোহা আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷

ফলত আজি ঘোষিত ফলাফলত অনুত্তীৰ্ণ হোৱাত ছাত্ৰীগৰাকীয়ে দিনৰ প্ৰায় ১২মান বজাত নিজ গৃহতে চিপ লৈ আত্মহননৰ দৰে পথ বাছি লয় ৷

আনহাতে ছাত্ৰীগৰাকীৰ আত্মহননৰ ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।