NORTHEAST NOW (Assamese)
Popular Stories

কলাগুৰুক চৰম অপমান! গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহায়ক পুথিত ৰাভাদেউৰ ভুল তথ্য উল্লেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 4, 2024 5:27 pm

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন কীৰ্তিক কেন্দ্ৰ কৰি উপস্থাপিত ভুল তথ্যৰে বিতৰ্ক সূত্ৰপাত হৈছে। ‘আধুনিক অসমৰ নিৰ্মাতা’ নামৰ কিতাপখনৰ সহায়ক পুথিত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে পাঠ প্ৰকাশ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষাণ্মাসিকৰ বাধ্যতামূলক বহুমুখী পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সহায়ক পুথিত পোৱা গৈছে এই ভুল তথ্যৰ অৱস্থিতি।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি মানৱিক বিদ্যা আৰু সমাজ বিজ্ঞান-প্ৰথম খণ্ডৰ বাবে এই সহায়ক পুথিখন ধাৰ্য কৰা হৈছে।বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপকৰ সম্পাদনাত প্ৰকাশ পোৱা সহায়ক পুথিখনক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পদ্মশ্ৰী, সংগীত নাটক অকাডেমীকে আদি কৰি বিভিন্ন বঁটা কলাগুৰুৱে লাভ কৰা বুলি পুথিখনত বহু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিয়ালৰ তৰফৰ পৰাও এই বিভ্ৰান্তিকৰ তথ্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সহায়ক পুথিখন বিভিন্ন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ দ্বাৰা সম্পাদিত। সূৰ্য প্ৰকাশৰ দ্বাৰা প্ৰকাশিত সহায়ক পুথিখনৰ সম্পাদনাৰ দায়িত্বত কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অংশকালীন সহকাৰী অধ্যাপক ইমৰান হুছেইন, দমদমা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ দীক্ষিতা বুঢ়াগোহাঁই, ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ড০ ইব্ৰাহিম আলী মণ্ডল। সহায়ক পুথিখনত কলাগুৰুক ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণ পত্ৰও দিয়া হৈছে। আনকি বিষ্ণু ৰাভা সোঁৱৰণি বঁটাকো একে শিতানতে ৰাখিছে প্ৰণেতাই। বিষয়টোক কেন্দ্ৰ কৰি কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।