NORTHEAST NOW (Assamese)
অসম

যুদ্ধবিধ্বস্ত ছিৰিয়ালৈ ২০০০ টন চাউলৰ সাহায্য প্ৰদান ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2021 10:59 am

ছিৰিয়া চৰকাৰৰ জৰুৰীকালীন মানৱীয় সাহায্যৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই ভাৰতে যুদ্ধবিধ্বস্ত দেশখনলৈ ২০০০ টন চাউলৰ সাহায্য আগবঢ়াইছে।

ভাৰতে ছিৰিয়ালৈ জৰুৰীকালীনভাৱে ২০০০ টন চাউলৰ সাহায্য আগবঢ়াইছে বুলি শুকুৰবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়।

ছিৰিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত হাফিজুৰ ৰহমানে ছিৰিয়া চৰকাৰৰ বিভাগীয় প্ৰতিনিধিৰ হাতত বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ১০০০ টন চাউল অৰ্পন কৰে।

ভাৰতৰ এই সাহায্যৰ পাছতে ছিৰিয়া চৰকাৰে ভাৰতলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

উল্লেখযোগ্য যে, যুদ্ধবিধ্বস্ত ছিৰিয়াত তীব্ৰ আৰ্থিক আৰু খাদ্য সংকটে দেখা দি আহিছে।

ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্ৰত সাহায্যৰে ছিৰিয়ালৈ শান্তি আৰু সুস্থিৰতা ঘুৰাই অনাৰ বাবে প্ৰয়াস চলাই থকা হৈছে।

ভাৰতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দেশলৈ সাহায্য আগবঢ়াই আহিছে।

বৰ্তমান সময়ত বিশেষকৈ কোভিড ভেকচিনৰ ক্ষেত্ৰতো ভাৰতে বিভিন্ন দেশলৈ অনুদান হিচাপে ভেকচিন আগবঢ়াইছে।