NORTHEAST NOW (Assamese)
অসম

দ্বিতীয় পৰ্যায়ৰ ৫টা সমষ্টিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

Posted by: এন ই নাও নিউজ March 26, 2019 8:56 am
25-03-19 Tezpur- BJP candidate Pallab Lochan Das submit nomination paper (2)

লোকসভাৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। অসমত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ৫টা সমষ্টিৰ বাবে আজি অন্তিম দিনটোত যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন দাখিল কৰা নাই তেওঁলোকে দাখিল কৰিব পাৰিব।

আনহাতে, মনোনয়ন পত্ৰসমূহ অহা ২৭ মাৰ্চত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ২৯ মাৰ্চ।

অসমত দ্বিতীয় পৰ্যায়ত অহা ১৮ এপ্ৰিলত মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফুত নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ ৮,৯৯২ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হ’ল ৬,৮৩,৬৪৯৬ গৰাকী।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে মঙলদৈত কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা, বিজেপিৰ দিলীপ শইকীয়া, শিলচৰত কংগ্ৰেছৰ সুষ্মিতা দেব, বিজেপিৰ ডাঃ ৰাজদ্বীপ ৰয়, ডিফুত কংগ্ৰেছৰ বীৰেন সিং ইংতি, বিজেপিৰ হৰেন সিং বে’ আদিয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।

ইপিনে, লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নৰ অন্তিম দিনটোত সোমবাৰে কংগ্ৰেছ, বিজেপি অগপকে ধৰি কেইবাগৰীক প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত নিজৰ নিজৰ মনোনয়ন দাখিল কৰে।

ইয়াৰ ভিতৰত ডিব্ৰুগড় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰ, যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈ, তেজপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এম জি ভি কে ভানু বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাস, কলিয়াবৰ সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্ত আদি নেতাই মনোনয়ন পত্ৰ দাখিল কৰে।