NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰ আৰু ৰাজ্যসমূহক তথ্য আয়োগৰ খালী পদ ক্ষিপ্ৰতাৰে পূৰণ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2024 8:35 pm

কেন্দ্ৰীয় তথ্য আয়োগ (চিআইচি) আৰু ৰাজ্যিক তথ্য আয়োগ (এছআইচি)ৰ খালী পদসমূহ ক্ষিপ্ৰতাৰে পূৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে কয়। এই নিৰ্দেশ ২৬ নৱেম্বৰত এটা পিআইএলৰ ওপৰত দিয়া হৈছিল য’ত সমাজ কৰ্মীসকলে এই আয়োগসমূহত খালী পদৰ বিষয়টো উত্থাপন কৰিছিল। আদালতে জনাইছে যে চিআইচিত ৮টা পদ খালী হৈ আছে আৰু মাত্ৰ তিনিজন তথ্য আয়ুক্তহে সেৱাত আছে। লগতে ঝাৰখণ্ড, তেলেংগানা, ত্ৰিপুৰাৰ দৰে কিছুমান ৰাজ্যৰ ৰাজ্যিক তথ্য আয়োগ বছৰ বছৰ ধৰি বিকল হৈ পৰি আছে।

আদালতে এই ৰাজ্যসমূহক দুসপ্তাহৰ ভিতৰত ষ্টেটাছ ৰিপ’ৰ্ট দাখিল কৰিবলৈ কয়, যাতে শীঘ্ৰে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা যায়। আবেদনকাৰী অঞ্জলি ভৰদ্বাজ আদিয়ে জুলাই মাহত প্ৰধানমন্ত্ৰী আৰু বিৰোধী নেতাসকললৈ চি আই চি আৰু এছ আই চিৰ খালী পদক লৈ উদ্বেগ প্ৰকাশ কৰি পত্ৰ প্ৰেৰণ কৰিছিল।

ইয়াৰ উপৰিও বহু ৰাজ্যৰ তথ্য আয়োগসমূহ বিচাৰধীন গোচৰ আৰু খালী পদৰ বাবে কাম-কাজত অসুবিধাৰ সন্মুখীন হৈছে।