NORTHEAST NOW (Assamese)
অসম

চাহ শ্ৰমিকৰ ন্যায্য দাবীৰ সমৰ্থনত আজিৰে পৰা ৰাজ্যজুৰি মজদুৰ কংগ্ৰেছৰ স্বাক্ষৰ অভিযান

Posted by: এনই নাও নিউজ May 26, 2018 1:13 pm

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত সৰৱ হৈ পৰিছে অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিতযোগে অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি এতোৱা মুণ্ডাই জানিবলৈ দিয়া অনুসৰি আজিৰে পৰা অহা ৭ জুন পৰ্যন্ত ৰাজ্যজুৰি বিভিন্ন চাহ বাগিচাত কৰ্মৰত স্থায়ী, অস্থায়ী তথা বাগিচাত কৰ্মৰত নোহোৱাকৈ থকা শ্ৰমিক ৰাইজৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰা স্বাক্ষৰ সংগ্ৰহ অভিযান আৰম্ভ কৰিব সংগঠনটোৱে।

একেটা দাবীৰ সমৰ্থনত অসম চাহ মজদুৰ সংঘই ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন জনায় সভাপতি মুণ্ডাই লগতে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ যি ষড়যন্ত্ৰ কৰিছে, তাৰ তীব্ৰ বিৰোধিতা কৰি ৰাজ্যত যুগ যুগ ধৰি মিলা-প্ৰীতিৰে বসবাস কৰি অহা জনগোষ্ঠীসমূহৰ সাতামপুৰুষীয়া ঐতিহ্য আৰু জনগাঁথনিক বিনষ্ট কৰিবলৈ বিচৰা ষড়যন্ত্ৰ ওফৰাবলৈও অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছ বাগিচাই বাগিচাই চাহ শ্ৰমিক তথা প্ৰাক্তন চাহ শ্ৰমিক তথা প্ৰাক্তন চাহ শ্ৰমিক আদিবাসীসকলৰ স্বাক্ষৰ লৈ স্মাৰক পত্ৰৰ জৰিয়তে সংশোধনী বিধেয়ক বাতিল কৰিবলৈ অহা ৮ জুনত সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ  কৰা হ’ব।

উক্ত দিনাই সংগঠনটোৱে ৰাজ্যখনৰ প্ৰতিখন বাগিচাৰ মালিক পক্ষলৈও সংশ্লিষ্ট বাগিচাৰ পৰিচালকৰ যোগেদি মজুৰি বৃদ্ধি আৰু মাটিৰ পট্টা প্ৰদানৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰিব। অসম প্ৰদেশ চাহ আৰু প্ৰাক্তন চাহ মজদুৰ কংগ্ৰেছৰ সভাপতি এতোৱা মুণ্ডাই এই কাৰ্যসূচীত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰো পূৰ্ণ সহযোগিতা বিচাৰিছে।