NORTHEAST NOW (Assamese)
দেশ

মৃত্যুমুখৰ পৰা বাচি আহিল সৌৰভ গাংগুলীৰ ককায়েক-বৌৱেক : জল ক্ৰীড়া কৰিবলৈ গৈ অথন্তৰ

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 26, 2025 7:26 pm

কথমপি মৃত্যুমুখৰ পৰা বাচি আহিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ জ্যেষ্ঠ ভাতৃ স্নেহাশিষ গাংগুলী আৰু তেওঁৰ পত্নী অৰ্পিতা গাংগুলী। শনিবাৰে সন্ধিয়া পুৰীৰ সাগৰত ডুব যোৱাৰ পৰা কথমপি ৰক্ষা পৰা দম্পতীহাল।

জানিব পৰা মতে, স্পীড বলৈ সাগৰত ভ্ৰমণ কৰিছিল দম্পতীহালে। কিন্তু সাগৰৰ ঢৌত স্পীড ব’টখন উলটি যায়।

সোমবাৰে ছচিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ আপলোড কৰা হয়। এক মিনিট ৫২ ছেকেণ্ডৰ এই ভিডিঅটোত লাইফগাৰ্ডে স্নেহাশীষ আৰু অৰ্পিতাক উদ্ধাৰ কৰা দেখা গৈছে। লাইফগাৰ্ডে পৰ্যটকসকলক উদ্ধাৰৰ চেষ্টা কৰাৰ সময়তে স্পীড ব’টখন সাগৰত উটি যায়।

এই ঘটনাৰ পিছত অৰ্পিতা গাংগুলীয়ে কয় জীৱনত ইমান ওখ ঢৌ মই কেতিয়াও দেখা নাই এই লাইফগাৰ্ড সকলে আমাক উদ্ধাৰ কৰিব নোৱাৰা হলে আমি বাচি নাথাকিলোহেঁতেন।

ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ‘স্পীড বখনে বৃহৎ ঢৌৰ খুন্দাত ভাৰসাম্য হেৰুৱাই সাগৰত বাগৰি পৰে। যোৱা বছৰ স্নেহাশীষ গাংগুলীয়ে অৰ্পিতা চেটাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। প্ৰথম পত্নী মামৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছে। মায়ে স্নেহাশীষৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ দাখিল কৰিছিল। ২০২৩ চনত এফ আই আৰও পঞ্জীয়ন কৰা হৈছিল। স্নেহাশীষ আৰু মামৰ এগৰাকী কন্যা আছে, তেওঁ বৰ্তমানৰ আমেৰিকাত থাকে।