NORTHEAST NOW (Assamese)
দেশ

ধৰ্ষ*ণৰ বলি হোৱা নাবালিকাক সন্তান জন্ম দিয়াৰ অনুমতি: শিশুটিৰ পঢ়া-শুনাৰ খৰচ বহন কৰিব চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 26, 2025 7:42 pm

মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ আদেশত ধৰ্ষিত এখন নাবালিকা কিশোৰীক গৰ্ভপাতৰ পৰিৱৰ্তে সন্তান জন্ম দিয়াৰ অনুমতি দিছে। লগতে শিশুটিৰ জন্মৰ পিছত শিক্ষা আৰু চিকিৎসাৰ সকলো খৰচ চৰকাৰে বহন কৰিব বুলি নিৰ্দেশ দিছে আদালতে। আদালতে স্পষ্টকৈ উল্লেখ কৰিছে যে শিশুটিৰ দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া শিক্ষা লাভ কৰিব, আৰু মাতৃ-সন্তানৰ পৰিচয় সম্পূৰ্ণ গোপনীয়তাত ৰখা হ’ব।

মণ্ডলা জিলাৰ এখন গাঁৱত সংঘটিত এই নিন্দনীয় ধৰ্ষণৰ ঘটনাৰ ফলত নাবালিকাগৰাকী গৰ্ভৱতী হৈ পৰে। পৰিয়ালে আদালতৰ সহায় বিচাৰি শিশুটি জন্ম দিয়াৰ অনুমতি বিচাৰি আবেদন কৰে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিনয় ছাৰাফে আবেদন গৃহীত কৰে।

চিকিৎসা পৰীক্ষা অনুসৰি নাবালিকাগৰাকীৰ গৰ্ভাৱস্থা প্ৰাপ্ত হোৱাৰ ৩১ সপ্তাহ অতিক্ৰম কৰিছে, এনে পৰিস্থিতিত গৰ্ভপাত বিপদজনক হ’ব বুলি চিকিৎসকে উল্লেখ কৰিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি কৰি আদালতে শিশুটিক জন্ম দিবলৈ অনুমতি দিয়ে।

আদালতে উল্লেখ কৰে যে, গৰ্ভৱতী নাবালিকাৰ চিকিৎসা, শিশুটিৰ জন্মকালীন খৰচ, শিক্ষা, আৰু আন সকলো  খৰচ ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। লগতে, পৰিয়ালটোৰ সহায়ৰ বাবে আনুষংগিক ব্যৱস্থা গ্ৰহণ কৰিবলৈও চৰকাৰে পদক্ষেপ ল’ব লাগিব বুলি অদালতে নিৰ্দেশ কৰিছে।