NORTHEAST NOW (Assamese)
অসম

দৰমহাৰ গাঁথনিত কেন্দ্ৰীয় চৰকাৰৰ বৈষম্য : সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো প্ৰতিবাদ ডাক সেৱকৰ

Posted by: ৰিদিপ শৰ্মা May 26, 2018 5:39 pm
protest by postman in assam

ডাক সেৱকসকলৰ দেশজুৰি চলি থকা প্ৰতিবাদৰ অংশ হিচাপে কলিয়াবৰৰ শিলঘাট, জখলাবন্ধা আৰু কুঁৱৰীটোল ডাকঘৰৰ সন্মুখতো  আজি ২৬ মে’ত প্ৰতিবাদত বহিল গ্ৰামীণ ডাক সেৱক ( postman )।

সপ্তম দৰমহা আয়োগৰ হাৰত দৰমহা লাভ নকৰাৰ বাবে বিগত ২২ মে’ৰ পৰা দেশৰ প্ৰতিটো ডাকঘৰত অব্যাহত আছে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট।

কেন্দ্ৰীয় চৰকাৰ সকলো কৰ্মচাৰীয়ে সপ্তম দৰমহা আয়োগৰ ভিত্তিত দৰমহা লাভ কৰাৰ বিপৰীতে গ্ৰামীণ ডাক সেৱকসকলক ভুৱা প্ৰতিশ্ৰুতিৰে বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে।

নিজৰ প্ৰাপ্য দাবীৰে ডাক সেৱকসকলে সদৌ ভাৰত ভিত্তিত অনিৰ্দিষ্টকালীন ধৰ্মঘটত বহাৰ হুংকাৰ দিছে।