NORTHEAST NOW (Assamese)
অসম

পুৱাই পুৱাই সংঘৰ্ষত কঁপি উঠিল কাশ্মীৰ, এনকাউণ্টাৰত নিহত ৫ উগ্ৰপন্থী, আহত ২জোৱান

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 19, 2024 9:29 am

পুৱাই পুৱাই তুমুল সংঘৰ্ষই জোকাৰি গ’ল জম্মু-কাশ্মীৰ। বৃহস্পতিবাৰে পুৱা উপত্যকাৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৫জন উগ্ৰপন্থী নিহত হয়। সংঘৰ্ষত আহত হয় ২ জোৱান। আত্মগোপন কৰি থকা উগ্ৰপন্থীক বিচাৰিবলৈ ব্যাপক তালাচী অভিযান অব্যাহত আছে।

ভাৰতীয় সেনাই এক্স-হেণ্ডলত জনায় যে চোৰাংচোৱা সূত্ৰৰ পৰা দক্ষিণ কাশ্মীৰৰ কুলগামৰ কাদ্দেৰ অঞ্চলত লুকাই থকা জেহাদীৰ খবৰ পোৱা গৈছিল। ইয়াৰ পিছতে সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ কূতাঘাতৰ পৰিকল্পনা ধ্বংস কৰাৰ বাবে যৌথ অভিযান আৰম্ভ কৰে।

সমগ্ৰ অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়। সন্দেহজনক অঞ্চলটোত উগ্ৰপন্থীৰ গতিবিধি লক্ষ্য কৰি জোৱানসকলে গুলীচালনা আৰম্ভ কৰে। লুকাই থকা জেহাদীসকলে প্ৰত্যুত্তৰ দি তেওঁলোকৰ ওপৰত গুলীচালনা কৰে।

সেনাৰ সৈতে হোৱা এনকাউণ্টাৰত ৫ জন উগ্ৰপন্থী নিহত হয়। বাকীসকল আন ঠাইলৈ পলায়ন কৰে। লুকাই থকা উগ্ৰপন্থীৰ সন্ধান অব্যাহত আছে।

অৱশ্যে এই ঘটনাত ২ জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।