NORTHEAST NOW (Assamese)
দেশ

বিজেপি শাসিত ৰাজ্যৰ হাবিৰ মাজত ধনৰ পাহাৰ! উদ্ধাৰ নগদ ১০ কোটি টকা আৰু ৫২ কেজি সোণ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 20, 2024 8:01 pm

বিজেপি শাসিত ৰাজ্যৰ হাবিৰ মাজত ধনৰ পাহাৰ! উদ্ধাৰ নগদ ১০ কোটি টকা আৰু ৫২ কেজি সোণ

বিজেপি শাসিত মধ্যপ্ৰদেশৰ জংঘলৰ মাজত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন আৰু সোণ। ভূপালৰ এখন অৰণ্যৰ ভিতৰত থকা এখন পৰিত্যক্ত গাড়ীৰ ভিতৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন-সোণ।

জানিব পৰা মতে ৫২ কেজি সোণ আৰু ১০ কোটি টকা উদ্ধাৰ কৰে আৰক্ষী আৰু আয়কৰ বিভাগে। উদ্ধাৰ হোৱা সোণৰ বজাৰ মূল্য ৪২ কোটি টকা।

গাড়ীখন কোনে হাবিত এৰি থৈ গ’ল সেই বিষয়ে জানিবলৈ আৰক্ষী আৰু আয়কৰ বিভাগে তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰৰ মতে, বৃহস্পতিবাৰে নিশা তেওঁলোকে এটা গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে যে মেণ্ডোৰীৰ ৰাতিবাদ অঞ্চলৰ অৰণ্যত এখন গাড়ী পৰি আছে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু আয়কৰ বিভাগে গাড়ীখনত তালাচী চলায়।

আৰক্ষী আৰু আয়কৰ বাহিনীয়ে গাড়ীখনৰ ভিতৰৰ পৰা ৭টা বেগ উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, বাহনখন ভূপালৰ নিবাসী চেতন সিঙৰ নামত পঞ্জীয়ন কৰা আছে। তেওঁ আগতে গ্ৱালিয়ৰত বাস কৰিছিল। বিগত কেইবাদিনো ধৰি আয়কৰ বিভাগ আৰু আৰক্ষীয়ে ভূপালৰ বিভিন্ন স্থানত অভিযান চলাই আহিছে। আয়কৰ বিভাগৰ পৰা হাত সাৰিবলৈ কোনোবাই এই ধন আৰু সোণ পেলাই থৈ গৈছে নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে।