NORTHEAST NOW (Assamese)
অসম

ডাঙৰ সিদ্ধান্ত, ছিৰিয়াৰ বিদ্ৰোহী নেতাৰ ওপৰত ঘোষণা কৰা ‘বাউন্টি’ উঠাই ল’লে আমেৰিকাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2024 9:20 am

ছিৰিয়াৰ এজন বিদ্ৰোহী নেতাক বন্দী কৰাৰ বাবে আগবঢ়োৱা এক কোটি মাৰ্কিন ডলাৰৰ বাউন্টি (পুৰস্কাৰ) প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। দামাস্কাছত পূৰ্বে আল কায়দাৰ সৈতে জড়িত হায়াত তাহৰিৰ আল শ্বামৰ নেতা আহমেদ আল শ্বাৰা আৰু মধ্যপ্ৰাচ্যৰ বাবে আমেৰিকাৰ শীৰ্ষ কূটনীতিবিদ বাৰ্বাৰা লিফৰ মাজত হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আছাদক ক্ষমতাচ্যুত কৰাৰ পিছত ছিৰিয়াৰ নতুন নেতাগৰাকীক সাক্ষাৎ কৰিবলৈ প্ৰতিনিধি দলৰ নেতৃত্বত ছিৰিয়াত উপস্থিত হোৱা প্ৰথমগৰাকী আমেৰিকান কূটনীতিবিদ বাৰ্বাৰা লিফ।

চলিত মাহৰ আৰম্ভণিতে ছিৰিয়াৰ বিদ্ৰোহীয়ে আছাদ পৰিয়ালৰ ৫০ বছৰীয়া শাসন উৎখাত কৰিছিল। দাবী কৰা হৈছে যে আছাদ চৰকাৰৰ বিৰুদ্ধে যুঁজি থকা এই বিদ্ৰোহীসকলক তুৰ্কি আৰু আমেৰিকাই সহায় কৰিছে। বিদ্ৰোহী সংগঠনটোৱে ক্ষমতা দখল কৰাৰ পিছৰে পৰা আমেৰিকাই আহমেদ আল শ্বাৰাক মষ্ট ৱাণ্টেড তালিকাৰ পৰা আঁতৰোৱাৰ কথা চিন্তা কৰি আছিল।

বিদেশী সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা এতিয়াও বাদ পৰা নাই আহমেদ আল শ্বাৰাৰ সংগঠন এইচ টি এছ। সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা লাঘৱ হ’ব নে নহয় সেই কথা লিফে কোৱা নাই যদিও সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আল-শ্বাৰাই সন্ত্ৰাসবাদ ত্যাগ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু ফলস্বৰূপে আমেৰিকাই আৰু বাউন্টি আগনবঢ়ায়।

লিফে কয়, ‘আমি সন্ত্ৰাসবাদী গোটসমূহে যাতে ছিৰিয়াৰ ভিতৰত বা বাহিৰৰ লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই নানে তাৰ ওপৰত আলোচনা কৰিলোঁ, যাতে অঞ্চলটোৰ আমেৰিকাৰ মিত্ৰ দেশসমূহৰ বাবেও ভাবুকি কঢ়িয়াই নানে।

লিফ আৰু অন্যান্য আমেৰিকাৰ বিষয়াসকলে কয় যে সংখ্যালঘু আৰু মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ সন্দৰ্ভত আল-শ্বাৰাৰ ৰাজহুৱা বক্তব্য আদৰণীয়, কিন্তু দীৰ্ঘম্যাদীভাৱে তেওঁ সেইবোৰ অনুসৰণ কৰিব নে নকৰে তাত তেওঁলোকৰ সন্দেহ আছে। তেওঁ স্বীকাৰ কৰে যে এইখন এখন ভাল প্ৰথম বৈঠক আছিল। তেওঁ লগতে কয় যে আমি কেৱল কথাৰে নহয়, কামৰ দ্বাৰাও বিচাৰ কৰিম।

উল্লেখ্য যে আমেৰিকাৰ প্ৰতিনিধি দলটোৰ ছিৰিয়া ভ্ৰমণৰ উদ্দেশ্য আছিল দেশখনত সৰ্বাংগীন চৰকাৰৰ বাবে চাপ সৃষ্টি কৰা আৰু নিৰুদ্দেশ হোৱা আমেৰিকান সাংবাদিক অষ্টিন টাইছৰ বিষয়ে তথ্য লাভ কৰা।