NORTHEAST NOW (Assamese)
দেশ

কলিকতাৰ ৰাজপথত ঔৰংগজেৱৰ বংশধৰে ৰিক্সা চলায় : যোগী আদিত্যনাথ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 21, 2024 3:28 pm

মোগলক আক্ৰমণ কৰিবলৈ গৈ আকৌ বিতৰ্কত সোমাই পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

শেহতীয়াকৈ ঔৰংগজেৱক আক্ৰমণ কৰিছে যোগী আদিত্যনাথে।

“এতিয়া ঔৰংগজেৱৰ বংশধৰ সকলে কলিকতাৰ ৰাজপথত ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছে।“  এই মন্তব্য যোগী আদিত্যনাথৰ।

লগতে তেওঁ কয় – “ ঔৰংগজেৱে তেওঁৰ শাসনকালত সকলো ধৰ্মৰ লোকক সমান দৃষ্টিৰে চোৱাৰ লগতে মন্দিৰ আৰু আন ধর্মীয় অনুষ্ঠান ধ্বংস নকৰা হ’লে তেওঁৰ বংশধৰ সকলৰ এই দুর্দশা নহ’লহেঁতেন।”

উল্লেখ্য যে ঔৰংগজেৱৰ বংশধৰে কলিকতাত ৰিক্সা চলাব লগা হোৱাটোক এক ঐশ্বৰিক ন্যায় বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাভাৱিকতেই যোগীৰ এই মন্তব্যত এতিয়া চৌদিশে বিতৰ্কৰ সূচনা হৈছে।