NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ পূৰ্ণ বৰা হত্যাকাণ্ড : ঈশ্বৰৰ নাম লৈ প্ৰথমে পুত্ৰৰ ঘাপ, কুঠাৰৰ থেতেলনিৰে শেষ স্পৰ্ষ জীৰ

Posted by: কাজী জেইদুল ইছলাম May 26, 2018 8:39 pm
purna bora murder at biswanath assam

বিশ্বনাথ ( Biswanath )ৰ পানীভঁড়ালৰ পূৰ্ণ বৰাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ন ন তথ্য আৰক্ষীৰ জেৰাত ফাদিল হৈছে। হত্যাকাৰী পৰিয়ালটোৱে আৰক্ষীৰ আগত স্বীকাৰ কৰা অনুসৰি পূৰ্ণ বৰাৰ মৃত্যুৰ বাবে দীৰ্ঘদিন ধৰি নামঘৰে-মন্দিৰত চাকি দি আহিছিল পুত্ৰ দিব্যজ্যোতি বৰাই।

কিন্তু ঈশ্বৰৰ ইচ্ছাত পিতৃৰ মৃত্যু নোহোৱাত পৰিয়ালৰ সকলোৱে মিলি পূৰ্ণ বৰাক হত্যা কৰাৰ কৌশল ৰচিছিল৷

পঢ়ক পূৰ্বৰ বাতৰি : বিশ্বনাথত পিতৃহন্তা পুত্ৰ-জী

যোৱা ৩ মাৰ্চৰ নিশা পূৰ্ণ বৰাই বেছিকৈ বিশ্বাস কৰা দ্বিতীয় কন্যাই কাণৰ বিষৰ ঔষধ বুলি তেওঁক প্ৰথমে ‘থেৰণ’ নামৰ এটা বিষাক্ত দ্ৰব্য সেৱন কৰোৱায়। বৰাই দীৰ্ঘদিন ধৰি কাণৰ বিষত ভুগি আছিল।

বিষ পান কৰি পূৰ্ণ বৰাই ছটফটাই ছটফটাই বিচনাতে মলমূত্ৰ ত্যাগ কৰিছিল। কিন্তু ছটফটাই থকাৰ পিতৃৰ  প্ৰাণ নোযোৱা দেখি পুত্ৰ দিব্যজ্যোতি বৰাই প্ৰথমে এখন কুঠাৰৰে ‘কৃষ্ণ কৃষ্ণ’ বুলি কৈ ঘাপ দিছিল দেউতাকক৷ ইমানৰ পিছতো বৰাৰ প্ৰাণ নোযোৱাত প্ৰথমে ডাঙৰ জীয়েক আৰু শেষত সৰু জীয়েকে মূৰত কুঠাৰেৰে ঘপিয়াই ঘপিয়াই দেউতাকক হত্যা কৰিছিল৷

দেউতাক পূৰ্ণ বৰাই ল’ৰা-ছোৱালী কেইটাক টকা-পইচা নিদিয়াৰ লগতে পৰিয়ালটোক ভালকৈ খোৱা-বোৱা কৰাতো বাধা দিছিল বাবেই তেওঁক হত্যা কৰা বুলি হত্যাকাৰী পুতেক-জীয়েকে আৰক্ষীৰ আগত সৈ কাঢ়িছে৷

হত্যাৰ পিছত চাৰিদিনলৈকে পলিথিনেৰে মেৰিয়াই দেউতাকৰ মৃতদেহটো তেখেতসকলৰ ঘৰৰ ভিতৰত ৰাখি থৈছিল।

পিছত কাম কৰা মানুহ লগোৱাই তেওঁলোকে বাৰীৰ পিছফালে ২০ ফুট দ গাত এটা খান্দিছিল৷ চুবুৰীয়াক তেওঁলোকে শৌচাগাৰৰ টেংকি কৰিবলৈ গাতটো খন্দা বুলি কৈছিল।

হত্যাৰ চাৰিদিনৰ পিছত নিশা ১১.৩০ বজাত মৃতদেহটো তেওঁলোকে গাতটোত পুতিছিল।