NORTHEAST NOW (Assamese)
Popular Stories

ভুলতে দানপাত্ৰত সোমাল আইফোন! ‘উচ্চৰ্গিত’ লাখটকীয়া ফোন ঘূৰাই দিবলৈ অস্বীকাৰ মন্দিৰ কৰ্তৃপক্ষৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2024 12:10 pm

মন্দিৰ পৰিদৰ্শন কৰি থাকোঁতে এজন ব্যক্তিৰ আইফোনটো প্ৰণামী বাকচত পৰিল। এশ চেষ্টা কৰিও এজন ব্যক্তিয়ে ঘূৰাই নাপালে। কিন্তু কিয়? প্ৰকৃততে কি হ? ঘটনা অনুসৰি চেংগলপট্টুৰ তিৰুপপুৰৰ শ্ৰী কন্দস্বামী মন্দিৰত ভুলবশতঃ নিজৰ দামী আইফোনটো প্ৰণামী বাকচত পেলাই দিলে এজন ভক্তই। ইয়াৰ পাছত তেওঁ লগে লগে মন্দিৰ কৰ্তৃপক্ষক ফোনটো ঘূৰাই দিবলৈ বহু অনুৰোধ কৰে। কিন্তু কৰ্তৃপক্ষই কোনো কথাত সন্মতি নিদিলে।

মন্দিৰৰ নিয়ম অনুসৰি প্ৰণামী বাকচত যি অৰ্পণ কৰা হয়, মন্দিৰ দেৱতাৰ নামত হৈ পৰে। হিন্দু ধৰ্ম আৰু দাতব্য এনডাউমেণ্ট বিভাগৰ মন্ত্ৰী পি কে শেখৰ বাবুৱে এই নিয়ম সন্দৰ্ভত কয় যে, “দেৱতাৰ নামত যি উচৰ্গা কৰা হয় তাক ঘূৰাই দিয়াৰ কোনো নিয়ম নাই।প্ৰয়োজন হ’লে ক্ষতিপূৰণ দিয়া হ’ব।

২০২৩ চনত ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল। কেৰালাৰ আলাপ্পুঝাৰ বাসিন্দা সংগীতাই মে মাহত পালানীৰ শ্ৰী ধনযুধপানী স্বামী মন্দিৰ পৰিদৰ্শন কৰিছিল। তাতে আকস্মিকভাৱে প্ৰণামী বাকচত সোণৰ হাৰডাল পেলাই দিয়ে। চিচিটিভি চোৱাৰ পিছতো তেওঁৰ বাবে বাকচটো খোলা নাছিল। কিন্তু মন্দিৰ সমিতিৰ অধ্যক্ষই নিজৰ খৰছত নতুন সোণৰ হাৰ কিনি তেওঁক দিলে।