NORTHEAST NOW (Assamese)
Popular Stories

অসাৱধান SUV-য়ে চেপিলে ফুটপাথত শুই থকা শিশুক ঃ আটক নাবালক গাড়ীচালক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2024 2:39 pm

দেউতাকৰ কাষতে ফুটপাথত শুই আছিল শিশুটি। হঠাৎ অসাৱধান গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাথত শিশুটিক চেপি পেলালে।

শনিবাৰে মাজনিশা মুম্বাইত সংঘটিত হয় এই ঘটনা। চাৰি বছৰীয়া শিশুটিৰ নাম আয়ুষ লক্ষ্মণ কিনৱৰে। প্ৰাণ কাঢ়ি নিয়া গাড়ীখনৰ ষ্টিয়াৰিং নাবালকৰ হাতত আছিল।

আৰক্ষীৰ মতে, আন দিনৰ দৰে আয়ুষ শনিবাৰে নিশাও পিতৃৰ সৈতে ফুটপাথত শুই আছিল। ইয়াৰ পাছতে ভিলে পাৰ্লৰ বাসিন্দা অভিযুক্ত নাবালকজনে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন ফুটপাথত খুন্দা মাৰে।যাৰ ফলত থিতাতে মৃত্যু হয় আয়ুষৰ।আৰু আয়ুষৰ পিতৃ গুৰুতৰভাৱে আহত হয়।

স্থানীয় লোকে ততাতৈয়াকৈ নাবালক চালকজনক ধৰি আৰক্ষীক খবৰ দিয়ে। জানিব পৰা মতে, হত্যাকাৰী এছ ইউ ভিখন জব্দ কৰি নাবালকজনকো আটক কৰে।

আৰক্ষীয়ে জনোৱা মতে, চিচিটিভিৰ ফুটেজ চাই কেনেদৰে দুৰ্ঘটনাটো সংঘটিত হয় তাৰ তদন্ত চলি আছে। গাড়ী চলাই থকাৰ সময়ত অভিযুক্তজনে মদ্যপান কৰিছিল নেকি, ৰ পৰা উভতি আহিছিল সেই কথা জানিবলৈ চেষ্টা কৰি থকা হৈছে।