NORTHEAST NOW (Assamese)
দেশ

উত্তৰ প্ৰদেশত বিজেপিৰ কাৰ্যালয়ত চলিল বুলডজাৰ! প্ৰশাসনৰ ভূমিকাক লৈ ক্ষুব্ধ গেৰুৱা শিবিৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 22, 2024 6:20 pm

উত্তৰ প্ৰদেশত এইবাৰ বুলডজাৰ চলিল বিজেপি দলৰ কাৰ্যালয়। প্ৰশাসনৰ এই কাৰ্যক লৈ স্থানীয় বিজেপি নেতৃত্ব অতিশয় ক্ষুব্ধ। বিনা জাননীত কাৰ্যালয় ভাঙি দিয়াৰ অভিযোগ বিজেপিৰ।

উত্তৰ প্ৰদেশ চৰকাৰক বুলডজাৰ নীতিৰ বাবে বিৰোধীৰ পৰা আৰম্ভ কৰি দেশৰ উচ্চতম ন্যায়ালয়লৈকে সকলোতে সমালোচনা কৰা হৈছে। এইবাৰ উত্তৰ প্ৰদেশৰ খোদ বিজেপি দলৰ কাৰ্যালয়ত চলিল বুলড’জাৰ।

ইন্দিৰা নগৰত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি চৰকাৰী ভূমি দখল কৰি বিজেপিৰ দলীয় কার্যালয় নির্মাণ কৰা হৈছে৷ সেইবাবেই প্ৰশাসনৰ লোকে কাৰ্যালয়টো ভাঙি দিয়ে।

ইফালে, পৌৰসভাৰ কাৰ্যবাহী বিষয়া সুভাষ কুমাৰে কয় যে উদ্যানৰ বাবে এই স্থান আবণ্টন দিয়া হৈছে। সেইবাবেই ইয়াক মুক্ত কৰা হৈছে। কোনো ৰাজনৈতিক দলে দলীয় কাৰ্যালয় স্থাপন কৰিবলৈ এই ভূমি আৱন্টন দিয়া হোৱা নাই।