NORTHEAST NOW (Assamese)
অসম

শ্যাম বেনেগালৰ দেহাৱসান; ৯০ বছৰত স্তব্ধ হৈ পৰিল কিংবদন্তি পৰিচালকৰ জীৱন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2024 7:50 am

কিংবদন্তি পৰিচালক শ্যাম বেনেগালৰ দেহাৱসান ঘটিছে। ৯০ বছৰ বয়সত স্তব্ধ হৈ পৰিল পৰিচালকগৰাকীৰ জীৱন। বহুদিন তেওঁ অসুস্থ হৈ আছিল। সোমবাৰে সন্ধিয়া ৬:৩৯ বজাত তেওঁৰ মৃত্যু হয়।

১৪ ডিচেম্বৰত পৰিচালকগৰাকীয়ে ৯০ বছৰীয়া জন্মদিন উদযাপন কৰিছিল। ৭০ আৰু ৮০ৰ দশকত ভাৰতীয় চলচ্চিত্ৰ জগতখনক ইখনৰ পিছত সিখন চিনেমা উপহাৰ দিছিল বেনেগালে। তেওঁ ‘মন্থন’, ‘অংকুৰ’, ‘ভূমিকা’, ‘জুনুন’, ‘মাণ্ডী’, ‘নিশান্ত’কে ধৰি বহু চিনেমা পৰিচালনা কৰিছে।

চিৰ ব্যস্ত কিংবদন্তি পৰিচালক গৰাকীয়ে যোৱা বছৰ ‘মুজিব: দ্য মেকিং অৱ নেচন’ শীৰ্ষক এখন চিনেমা পৰিচালনা কৰিছিল। য’ত ভাৰত আৰু বাংলাদেশৰ কেইবাজনো অভিনেতাই অভিনয় কৰিছিল।

পৰিচালকগৰাকীয়ে সপ্তাহত তিনিবাৰ ডায়েলাইছিছৰ বাবে চিকিৎসালয়লৈ যাবলগীয়া হৈছিল। একাধিক শাৰীৰিক সমস্যা থকাৰ পিছতো কামেই আছিল তেওঁৰ একমাত্ৰ নিচা।

ভাৰতীয় চিনেমাৰ বিশাল ইতিহাসত তেওঁৰ সৃষ্টিয়ে বাৰে বাৰে দৰ্শকক আচৰিত কৰি তুলিছে। সেই শ্যাম বেনেগালৰ ছবি ‘মন্থন’ কিছুদিন পূৰ্বে নতুনকৈ মুক্তি পাইছিল। পুনৰুদ্ধাৰ কৰা সংস্কৰণটো প্ৰথমে কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। পিছত কলকাতা চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শন কৰা হয়।

ভাৰতৰ মিল্ক মেন হিচাপে পৰিচিত ভাৰ্গেজ কুৰিয়ানৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ‘মন্থন’। আশ্চৰ্যজনক কথাটো হ’ল এই ছবিখনৰ বাবে ৫ লাখ গোৱালে প্ৰত্যেকে ২ টকাকৈ দিছিল। সেই টকাৰে ছবিখন নিৰ্মাণ কৰা হৈছিল। যিটো এক ইতিহাস।