NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত দুই সন্দেহযুক্ত জেহাদী গ্ৰেপ্তাৰ অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2024 12:56 pm

কোকৰাঝাৰৰ পৰা অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে (এছটিএফ)গ্ৰেপ্তাৰ কৰিছে দুজন সন্দেহযুক্ত জেহাদী সদস্যক।

শেহতীয়াকৈ উৎখাত কৰা জেহাদী মডিউলৰ ওপৰত অব্যাহত ৰখা অভিযানত এই গ্ৰেপ্তাৰ কৰা বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

কোকৰাঝাৰৰ নামপাৰাৰ জয়পুৰৰ ৩০ বছৰীয়া আবুল জাহাৰ শ্বেখ আৰু ছাব্বিৰ মিৰ্ধা নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে এছটিএফে।

গ্ৰেপ্তাৰৰ পিছত এছটিএফে চাৰিটা হাতেৰে নিৰ্মিত ৰাইফল, ৩৪ ৰাউণ্ড গোলাবাৰুদ আৰু ২৪টা খালী কাৰ্টিজকে ধৰি এসোপা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰে।

ইয়াৰ উপৰিও ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি)ৰ বিস্ফোৰক উপাদানকে ধৰি অন্যান্য আপত্তিজনক সা-সামগ্ৰী জব্দ কৰা হয়।

গ্ৰেপ্তাৰ আৰু উদ্ধাৰ সম্পৰ্কত অধিক সবিশেষ শীঘ্ৰে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে।