NORTHEAST NOW (Assamese)
দেশ

চিকিৎসালয়ত জীৱন-মৃত্যুৰ ৪৮ ঘণ্টীয়া যুঁজ : অৱশেষত হাৰ মানিলে সংসদৰ সমুখত নিজৰ দেহত অগ্নিসংযোগ কৰা যুৱকে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 27, 2024 6:57 pm

অৱশেষত জীৱন-মৃত্যুৰ যুঁজত হাৰ মানিলে জীতেন্দ্ৰই। বুধবাৰে সংসদ ভৱনৰ সমুখত নিজৰ শৰীৰত জুই লগাই দিছিল এই যুৱকজনে। তাৰপিছত তেওঁক সংসদৰ নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰি দিল্লীৰ ৰাম মোহন লোহিয়া চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ৪৮ ঘন্টাৰ অন্তত তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে, জীতেন্দ্ৰ নামৰ যুৱকজনৰ ঘৰ উত্তৰ প্ৰদেশৰ বাঘপাটত। বয়স ২৬ বছৰ।

চিকিৎসকে জনোৱা মতে, পেট্ৰল ঢালি জুই লগোৱাৰ ফলত তেওঁৰ শৰীৰৰ ৯৫ শতাংশ জ্বলি গৈছে। শুকুৰবাৰে বিয়লি তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেওঁৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হয়।

কিন্তু কিয় আত্মহত্যা কৰিলে জিতেন্দ্ৰই? যদিও ইয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই তথাপি সংসদৰ সন্মুখত উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। কিন্তু সেই নোটখনৰ আধা অংশ জুইত জ্বলি গৈছিল।

জানিব পৰা মতে, ছুইচাইড নোটখনত আৰক্ষীৰ বিৰুদ্ধে মুৰ্দাবাদৰ শ্লোগান লিখা আছে। লগতে, দলিতৰ বঞ্চনা আৰু অপমানৰ বিৰুদ্ধেও লিখা আছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বাঘপাটত জীতেন্দ্ৰৰ পৰিয়াল এটা পাৰিবাৰিক বিবাদত লিপ্ত হৈছিল। আন এটা পৰিয়ালৰ সৈতে পৰিয়ালৰ বিবাদৰ বাবে তেওঁৰ পৰিয়ালে আৰক্ষীৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেইবাবেই তেওঁ আত্মহত্যাৰ পথ বাচি লোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।