NORTHEAST NOW (Assamese)
Popular Stories

LICৰ চেণ্ট্ৰেল এভিনিউৰ কোটিটকীয়া অট্টালিকা বিক্ৰীৰ পৰিকল্পনা? দেশজুৰি ভাৰতীয় জীৱন বীমা নিগমৰ ৬০,০০০কোটিৰ সম্পত্তি বিক্ৰীৰ অভিসন্ধি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 20, 2024 2:22 pm

কলকাতাৰ চেণ্ট্ৰেল এভিনিউৰ বুকুত থিয় হৈ থকা জীৱন বীমা নিগমৰ ঐতিহ্য গৃহটো বিক্ৰী কৰিবলৈ গৈ আছে প্ৰতিষ্ঠানটো? চিত্তৰঞ্জন এভিনিউৰ এই ঘৰটো কলকাতা মহানগৰৰ বহু ইতিহাসৰ নীৰৱ সাক্ষী। জীৱন বীমা কোম্পানীটোৱে এই ঘৰটো শেষত বিক্ৰী কৰি ধন সংগ্ৰহ কৰিবলৈ ওলাইছে নেকি? অৱশ্যে এই বিপুল পৰিমাণৰ সম্পত্তি বিক্ৰীৰ খবৰ অস্বীকাৰ কৰিছে জীৱন বীমা নিগমে। এই খবৰটো কোম্পানীটোৱে যোৱা মঙলবাৰে এক বিবৃতিত মিছা বুলি দাবী কৰিছে।

দ্য মিণ্ট নামৰ সংবাদ মাধ্যমৰ এক সূত্ৰই জনোৱা মতে, জীৱন বীমা নিগমে নিজৰ কেইবাটাও মূল্যৱান সম্পত্তি বিক্ৰী কৰি ৫০,০৪৩ৰ পৰা ৫৮,৩৮৪ কোটি টকা (৬-৭ বিলিয়ন ডলাৰ) টকা সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে।

ভাৰতীয় জীৱন বীমা নিগম ভাৰতৰ তৃতীয় বৃহত্তম মাটিৰ মালিক। দেশজুৰি কেইবাটাও উচ্চ মূল্যৰ ঘৰ বিক্ৰী কৰি এই ধন সংগ্ৰহৰ দায়িত্ব গোপনে দিয়া হৈছে এটা ইন-হাউছ ২ জনীয়া দল। মিণ্টৰ সৈতে নিজৰ নাম গোপনীয় কৰি ৰাখি তেওঁলোকে কয় যে সম্পত্তি বিক্ৰীৰ প্ৰক্ৰিয়া মুম্বাইৰ পৰা আৰম্ভ হ’ব। এই তালিকাত কলকাতাৰ চিত্তৰঞ্জন এভিনিউৰ এটা অট্টালিকাও সন্নিবিষ্ট কৰা হৈছে।

দিল্লীৰ কন’ট প্লেচত থকা জীৱন ভাৰতী বিল্ডিং, কলকাতাৰ চিত্তৰঞ্জন এভিনিউত থকা এল আই চি বিল্ডিং, মুম্বাইৰ আকবৰাল্লীত অতি ব্যয়বহুল স্থানত থকা এটা অট্টালিকা আৰু দীৰ্ঘদিনীয়া ঐতিহ্যমণ্ডিত ঘৰ। এই ঘৰবোৰৰ শেষ মূল্য আছিল ৫০,০০০ৰ পৰা ৬০,০০০ কোটি টকা।

এই যুটিটোৰ এজনে মিণ্টক কয় যে আনুষ্ঠানিক বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে যিটো প্ৰয়োজনীয় সেয়া হ’ল এল আই চিৰ মালিকানাধীন ঘৰসমূহৰ পুনৰ মূল্যায়ন। বহুতো জীৱন বীমা সম্পত্তিৰ পূৰ্বৰ কোনো বিক্ৰীৰ ৰেকৰ্ড নাই আৰু বজাৰ মূল্যও জনা নাযায়। কিন্তু ইমানখিনি ক’ব পাৰি, আচলতে তেওঁলোকৰ দাম পূৰ্বৰ মূল্যায়নতকৈ পাঁচগুণ বেছি হ’ব। অৰ্থাৎ ২.৫-৩ লাখ কোটি টকা।

জীৱন বীমা বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগ (ডিপাম) আৰু বিত্তীয় সেৱা বিভাগৰ সঁহাৰি বিচাৰি মিণ্টে এটা মেইল ​​প্ৰেৰণ কৰে। কিন্তু, সেই পক্ষৰ পৰা কোনো সঁহাৰি নাপায়। চৰকাৰী মালিকানাধীন কোম্পানীসমূহৰ সম্পত্তি বিক্ৰীৰ ক্ষেত্ৰত ডিপামৰ অনুমতি অতি প্ৰয়োজনীয়। তাৰ পৰা গ্ৰীণ চিগনেল অবিহনে চৰকাৰী সম্পত্তি বিক্ৰী কৰিব পৰা নাযাব।