NORTHEAST NOW (Assamese)
Popular Stories

নতুন বছৰত সলনি হ’ব কেইবাখনো ৰে’লৰ সময়সূচীঃ ইষ্টাৰ্ণ ৰে’লৱে-এ জাৰি কৰিছে এক অধিসূচনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2024 5:40 pm

নতুন বছৰৰ পৰা দীৰ্ঘ দূৰত্বৰ ৰেলৰ বাবে সলনি হ’ব সময়সূচী। যাৰ বাবে ভাৰতীয় ৰেলৱেই একাধিক পথৰ ছুপাৰ ফাষ্ট, এক্সপ্ৰেছ, পেচেঞ্জাৰ ৰেলৰ নতুন সূচী প্ৰকাশ কৰিছে।

১ জানুৱাৰীৰ পৰা নতুন সময়সূচী অনুসৰি চলিব ৰেল। ৰেলৱেই জনাইছে যে যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইষ্টাৰ্ণ ৰেলৱেৰ সূত্ৰ অনুসৰি ১৪৭খন যাত্ৰীবাহী ৰেলকে ধৰি মুঠ ৩৬খন মেইল ​​আৰু এক্সপ্ৰেছ ৰেলৰ সময়সূচীও সলনি কৰা হৈছে।

সেই তালিকাত গৌৰ এক্সপ্ৰেছ, হাওৰা-মালদাহ ইন্টাৰচিটি এক্সপ্ৰেছ, বালুৰঘাট-হাওৰা এক্সপ্ৰেছ, মালদা সংমণ্ডলৰ দাৰ্জিলিং মেইলকে ধৰি বহুতো গুৰুত্বপূৰ্ণ ৰেল অন্তৰ্ভুক্ত কৰা হৈছে।

ইষ্টাৰ্ণ ৰেলৱেও কিছু ৰেল ৰেক সলনি কৰা বুলি অৱগত কৰিছে। ফলত ৰেলৰ চলাচলৰ গতি বহু বাঢ়িছে।

১ জানুৱাৰীৰ পৰা নতুন সময়সূচী অনুসৰি চলিব বিভিন্ন পথৰ এই ৰেলসমূহ। ইতিমধ্যে জাননী জাৰি কৰা হৈছে যাতে যাত্ৰীসকলে সময়সূচী সন্দৰ্ভত কোনো সমস্যাৰ সন্মুখীন নহয়।

নতুন সময় অনুযায়ী একাধিক এক্সপ্ৰেছ আৰু যাত্ৰীবাহী ৰেলৰ গতিবিধি যাত্ৰীসকলৰ বাবে যথেষ্ট উপকাৰিতা ব বুলি ৰেল কৰ্তৃপক্ষই ভাবে।