NORTHEAST NOW (Assamese)
অসম

ৰাস্তাত অশ্লীল ইংগিত দিয়া যুৱকৰ গালত চেণ্ডেলৰ চৰ যুৱতীৰ

Posted by: এন ই নাও নিউজ May 26, 2018 10:50 pm

আজি পুৱা নগাঁৱৰ ধিং গেটৰ উৰণীয়া সেতুৰ সমীপত এগৰাকী যুৱতীক অশ্লীল ইংগিত দি স্থানীয় ৰাইজৰ হাতত মাৰ খোৱাৰ লগতে যুৱতীৰ চেণ্ডেলৰ কোব খাবলগীয়া হয় এজন যুৱকে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা এগৰাকী যুৱতীয়ে মাকৰ সৈতে গৈ থকা অৱস্থাতে নগাঁও চহৰৰ ধিং গে’টৰ উৰণীয়া সেতুৰ ওচৰেৰে গৈ থকা অৱস্থাত ৰেকিবুদ্দিন নামৰ যুৱকজনে পথচাৰী যুৱতীগৰাকীক উদ্দেশ্যি লক্ষ্য কৰি অশ্লীল ইংগিত প্ৰদান কৰে।

ফলত যুৱতীগৰাকী আৰু তেওঁৰ মাতৃয়ে এই কথা ধিং গে’টৰ স্থানীয় লোকক অৱগত কৰে। স্থানীয় লোকে যুৱকজনৰ অপকৰ্মৰ বিষয়ে জানিব পাৰি যুৱকজনক কৰায়ত্ত কৰি উত্তম-মধ্যম সোধায়। লগতে যুৱতী গৰাকী আৰু যুৱতী গৰাকীৰ মাতৃয়েও ৰাজপথতে চেণ্ডেল খুলি যুৱকজনৰ গালত চৰ সোধায়। পাছত যুৱকজনক স্থানীয় লোকে আৰক্ষীক চমজাই দিয়ে।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি নগাঁও অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে প্ৰায়ে এনেধৰণে যুৱতী তথা মহিলাক হাৰাশাস্তি কৰি আহিছে। গতিকে প্ৰশাসনক এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।