NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ টেংকিবস্তিত তিনিটা হস্ত নিৰ্মিত বন্দুক সহ আটক ৪ সন্দেহযুক্ত উগ্ৰপন্থী

Posted by: চাজিদ খান Updated by: চাজিদ খান July 17, 2021 8:02 am
suspected militant held.final

বড়োভূমিত পুনৰ অস্ত্ৰৰ ঝনঝননি ৷ মূলসূঁতিলৈ উভতি অহাৰ পিছতে এনডিএফবি ত্যাগ কৰি পুনৰ জংঘললৈ ঘুৰি গৈছে এম বাথা।

এনএলএফবি নামৰ সশস্ত্ৰ সংগঠনৰ জন্ম দি এম বাথাই পুনৰ বড়োভূমি ৰক্তাক্ত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ পিছতে নৱগঠিত সশস্ত্ৰ সংগঠনটোৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে সেনা-আৰক্ষী।

এনএলএফবিৰ বিৰুদ্ধে বিটিচিত সেনা-আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান।

ইতিমধ্যে সংগঠনটোৰ এজন অন্যতম এৰিয়া কমাণ্ডাৰ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱাৰ বিপৰীতে আটক হৈছে কেইবাজনো সশস্ত্ৰ কেডাৰ ৷

ইয়াৰ মাজতে শুকুৰবাৰে ওদালগুৰিৰ ভূটান সীমান্তৰ টেংকীবস্তিত চাৰিজনকৈ যুৱক অস্ত্ৰসহ এছ এছ বিৰ জালত পৰে।

ধৃত যুৱক কেইজনৰ পৰা এছ এছ বিয়ে তিনিটা হস্তনিৰ্মিত বন্দুক, তিনিটা মোবাইল ফোন, এখন নম্বৰ প্লেটবিহীন স্কুটি আৰু কিছু আপত্তিজনৰ নথিপত্ৰ উদ্ধাৰ কৰে।

এছ এছ বিৰ অভিযানত আটক হোৱা ধৃত যুৱক কেইজন ডিমাকুছি থানাৰ অন্তৰ্গত গালাচুৱাৰ দৈমালু বড়ো, ২ নং ভোলাটাৰৰ অদুলাম্বি গয়াৰি , ২ নং শিঙিমাৰীৰ শুকৰাম বড়ো আৰু খৈৰাবাৰী থানাৰ অন্তৰ্গত ৰামগাঁৱৰ অৰূপ বড়ো বুলি জানিব পৰা গৈছে ৷

অৱশ্যে যুৱক কেইজন এনএলএফবিৰ সৈতে জড়িত নে আন কোনো দুষ্ট চক্ৰৰ লগত জড়িত এতিয়াও জানিব পৰা হোৱা নাই যদিও ডিমাকুছি আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷