NORTHEAST NOW (Assamese)
অসম

পাইপ ফুটি জলবিস্ফোৰণ : জাইকাই আকৌ কন্দুৱালে খাৰঘূলিবাসীক, বহুকেইজন আহত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 2, 2025 2:34 pm

বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ খাৰঘুলি অঞ্চলত পানীৰ পাইপ ফাটি বৃহৎ জলবিস্ফোৰণৰ সৃষ্টি হয়। এই বিস্ফোৰণৰ ফলত কেইবাজনো লোক আহত হোৱাৰ লগতে ব্যাপক পৰিমাণৰ ৰাজহুৱা সম্পত্তি ক্ষতিগ্ৰস্ত হয়।

এই বিস্ফোৰণৰ ফলত উক্ত অঞ্চলটোৰ বাট-পথ পানীৰ উপছি পৰাৰ ফলত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হয়।

এই ঘটনাৰ পিছত ক্ষোভ প্ৰকাশ কৰি স্থানীয় এজন ব্যক্তিয়ে কয় যে, “আজি খাৰঘুলীত পানীৰ পাইপলাইন ফাটি যোৱাৰ পিছত মোৰ ভাড়াতীয়াসকলৰ সন্ধান উলিয়াব পৰা নাই। তেওঁলোক জীয়াই আছে নে মৰিছে মই নিশ্চিত নহয়। কিবা হলে কোনে ক্ষতিপূৰণ দিব। নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা মন্ত্ৰীসকলক এনে পৰিস্থিতি দেখা পোৱা নাযায়।”

আন এজন স্থানীয় লোকে কয়, জাইকাই যোগান ধৰা পানীৰ ওপৰত নিৰ্ভৰ কৰাতকৈ আমাৰ কুঁৱাৰ পানী খোৱাটোৱেই ভাল। আমি মানুহৰ ক্ষতি কৰিব পৰা চৰকাৰী সহায় নিবিচাৰো।

উল্লেখ্য যে গুৱাহাটী মহানগৰ খোৱাপানী আৰু নলা বৰ্ডৰ দ্বাৰা পৰিচালিত এম এল ডি পানী পৰিশোধন প্লাণ্টৰ সমীপত আজিৰ এই ঘটনা সংঘটিত হয়।

ইফালে ৰাইজৰ এই ক্ষোভৰ মাজতে ঘটনাস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।